নগাঁৱত শিল্পী, কলা কুশলীক খাদ্যসামগ্রী বিতৰণ
নিয়মীয়া বাৰ্তা, ৭ মে’ : ক’ভিড–১৯ প্রতিৰোধৰ বাবে চৰকাৰে অব্যাহত ৰখা লকডাউনৰ ফলত বাৰুকৈয়ে ক্ষতিগ্রস্ত হৈছে অসমৰ শিল্পীসকল৷ অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা শিল্পীসকল, কলা–কুশলীসকল কর্মহীন হৈ পৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে৷ আনকি বহু শিল্পী খাদ্যৰ অভাৱত ভুগিব লগা হৈছে৷ তেনে সময়তে এই শিল্পী, কলা–কুশলীসকলক কিছু সকাহ দিবলৈ আগবাঢ়ি আহিছে অসম চলচ্চিত্র সমাজ৷
বুধবাৰে নগাঁৱৰ খগেন মহন্ত প্রেক্ষাগৃহৰ চৌহদত সমাজৰ তৰফৰ পৰা বেংক অৱ বৰোডাৰ সহযোগত নগাঁৱৰ শতাধিক শিল্পী, কলা–কুশলীক খাদ্যৰ টোপোলা, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰা হয়৷ কথাছবি, ভ্রাম্যমাণ থিয়েটাৰ, অপেছাদাৰী নাট্যগোষ্ঠীৰ শিল্পী, কলা–কুশলীসকলক এই সামগ্রীসমূহ বিতৰণ কৰা হয়৷ এই সামগ্রী বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই কয় যে অন্যান্য ক্ষেত্রত নিয়োজিত লোকসকলতকৈ সাংস্কৃতিক ক্ষেত্রখনৰ লগত জডিত শিল্পী, কলা–কুশলীসকলৰ সমস্যা বেছি৷
দীঘলীয়া লকডাউনৰ বাবে এওঁলোক ভীষণ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে৷ এই সংকটৰ সময়ত অসম চলচ্চিত্র সমাজে শিল্পী, কলা–কুশলীসকলক সহায় কৰিবলৈ অহাটো প্রসংশনীয় কাম হৈছে৷ বিশিষ্ট অভিনেতা যতীন বৰাই কয়, ‘শিল্পী, কলা–কুশলীসকলৰ সমস্যা আন ক্ষেত্রত নিয়োজিত লোকসকলতকৈ সুকীয়া৷ লকডাউনৰ বাবে আমাৰ শিল্পী, কলা–কুশলীসকল কর্মহীন হৈ পৰিছে৷ ইতিমধ্যে লকডাউন কিছু শিথিল কৰাৰ পিছত অন্যান্য ক্ষেত্রত নিয়োজিত লোকসকল কাম–কাজত জডিত হৈ পৰিছে যদিও শিল্পী, কলা–কুশলীসকল কর্মহীন হৈ আছে৷’ অসম চলচ্চিত্র সমাজ নগাঁও শাখাৰ সাংগঠনিক সম্পাদক দিব্যজ্যোতি শইকীয়াৰ প্রচেষ্টাত অনুষ্ঠিত খাদ্যসামগ্রী বিতৰণ অনুষ্ঠানত সমাজৰ নগাঁও শাখাৰ সম্পাদক পার্থজিৎ বৰুৱা, গুৱাহাটী শাখাৰ যুটীয়া সম্পাদক মানস বৰুৱা, শিল্পী ক্রমে গুঞ্জন ভৰদ্বাজ, দীপক ৰায়, ধনজিৎ কলিতা, কৃষ্ণমণি নাথ, বৰণ বিকাশ, জয়ন্ত কাকতি, ৰঞ্জিত বৰা, বিক্রম ৰাজখোৱা, অলক শইকীয়াকে ধৰি বহুকেইজন শিল্পীয়ে অংশগ্রহণ কৰে৷
বিশিষ্ট নাট্যকাৰ অজিত বৰঠাকুৰ, আলোকচিত্র শিল্পী তথা সমাজকর্মী মুকুট ভূঞাকে ধৰি শতাধিক শিল্পী, কলা–কুশলীক খাদ্যসামগ্রী বিতৰণ কৰা হয়৷ আনহাতে শিল্পী তথা সমাজৰ গুৱাহাটী শাখাৰ সম্পাদিকা গৰীমা শইকীয়া গার্গ উপস্থিত থাকিব নোৱাৰিলেও নগাঁৱৰ শিল্পীসকলক তেওঁ শুভেচ্ছা জনায়৷ আজিৰ এই অনুষ্ঠান অনুষ্ঠিত কৰাত সম্পূর্ণ সহযোগিতা কৰাৰ বাবে বিধায়ক ৰূপক শর্মাক সমাজে কৃতজ্ঞতা জনায়৷