নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰাৰোগ্য ৰোগত আক্রান্ত মাজুলীৰ শিশুঃ পিতৃ-মাতৃৰ সহায় ভিক্ষা

নিয়মীয়া বার্তা, ৭ মে’ : পখিলা খেদা বয়সত জীৱন–মৃত্যুৰে যুঁজিছে মাজুলীৰ এজন ৮ বছৰীয়া শিশুৱে ৷ জিলাখনৰ অতি ভিতৰুৱা  ন–ভঙামুখৰ দুখীয়া পৰিয়াল পুৰঞ্জয় নৰহ আৰু চন্দিকা নৰহৰ একমাত্র পুত্র উজ্জ্বল নৰহ যোৱা জানুৱাৰী মাহৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ বিছনাত পৰি থাকি  জীৱন–মৃত্যুৰে যুঁজি চলাই নিছে কঠোৰ সংগ্রাম ৷ ন–ভঙামুখ প্রাথমিক বিদ্যালয়ত তৃতীয় শ্রেণীত অধ্যয়নৰত এই ছাত্রজনক যোৱা জানুৱাৰী মাহৰ পৰা গুৱাহাটীস্থিত বি বৰুৱা কেঞ্চাৰ হাস্পতালত চিকিৎসা কৰাই আছে যদিও আজিপর্যন্ত সুফল পোৱা নাই ৷ শিশুটিৰ বাঁওভৰিৰ আঁঠুটো বর্তমান ফুলি যোৱাৰ বাবে আজি তিনি মাহে বিছনাত শয্যাগত হৈ জীৱন সংগ্রাম চলাই গৈছে ৷

জানুৱাৰী মাহতেই চিকিৎসাৰ বাবে গুৱাহাটীলৈ নি চিকিৎসা কৰোৱাৰ লগতে বহুকেইটা পৰীক্ষা কৰাই দৰব আদি লৈ পুনৰ ২১ মার্চত মাজুলীলৈ ঘূৰাই আনে ৷ চিকিৎসকে এমাহৰ  পিছত পুনৰ চিকিৎসালয়লৈ মাতিছিল যদিও লকডাউন আৰু পৰিয়ালটোৰ আর্থিক অভাৱৰ বাবে শিশুটিক পুনৰ গুৱাহাটীলৈ নিব নোৱাৰাত দিনক দিনে শিশুটিৰ স্বাস্থ্যৰ অৱনতি হ’বলৈ ধৰে ৷ বিষৰ বাবে শিশুটিয়ে দিনৰ পিছত দিন ধৰি কান্দি কাটি বিছনাত দিন অতিবাহিত কৰিব লগা হৈছে ৷ হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ পুৰঞ্জয়ে এতিয়া লকডাউনৰ সময়ত হাজিৰাও কৰিব নোৱাৰাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা পৰিয়ালটোৰ ৷ এফালে পুত্রৰ চিকিৎসাৰ চিন্তা, আনফালে পৰিয়াল পোহপালৰ চিন্তা ৷ দিনে–নিশাই কান্দি–কাটি বিছনাত ছটফটাই থকা পুত্রৰ মর্মবেদনা কিমান আৰু সহ্য কৰিব মাতৃ  চন্দিকা নৰহে ৷

বর্তমানলৈ কোনো চৰকাৰী সাহায্য লাভ নকৰা পৰিয়ালটোৱে এতিয়া অসমবাসীৰ ওচৰত সহায় ভিক্ষা খুজিছে ৷ ৰাজ্যখনৰ হৃদয়ৱান কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে পিতৃ পুৰঞ্জয় নৰহৰ নামত থকা এছ বি আই বেংকৰAc–৩৮০২১৭৯৬৯২৫,IFSC-sbin ০০০৫০৮১ত অর্থসাহায্য প্রদান কৰাৰ উপৰি ফোন নম্বৰ ৬০০২২৯৪৭১৩ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷

You might also like