বোকাজানত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ
নিয়মীয়া বার্তা, ৭ মে’ : ক’ভিড-১৯ ৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্যে দেশত আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন। এই লকডাউনৰ ফলত খাদ্য সংকটত ভুগি আহিছে ৰাজ্যৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ব্যক্তি তথা পৰিয়ালসমূহ।
বোকাজান মহকুমাৰ এনেধৰণৰ ১০০০ টা পৰিয়ালক কেইবাদিন ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰি আহিছে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্যসকলে। ইতিমধ্যে শিলনীজন, শান্তিপূৰ, জপৰাজন, বালিপথাৰ আদিত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ পাছত বৃহস্পতিবাৰে বোকাজানৰ শংকৰ দেৱ শিশু নিকেতনৰ প্ৰাংগণত স্থানীয় ৬০ টা পৰিয়ালক চাউল, দাইল, মিঠাতেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰে।
এক শৃংখলাবদ্ধ প্ৰক্ৰিয়াৰে সামাজিক দূৰত্বৰ নিয়ম পালন কৰি বিতৰণ কৰে এই খাদ্য সামগ্ৰীবোৰ।
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ পূব কাৰ্বি আংলং জিলাৰ প্ৰভাৰী তথা প্ৰচাৰক হাৰসিং টেৰণে কয় যে আগন্তুক সময়তো এনেদৰে বোকাজান সমষ্টিটোৰ আন ঠাইতো আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্যসকলে।