নিয়মীয়া বাৰ্তা, ৭ মে’ : নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত অসম আৰক্ষী গৃহৰক্ষী বাহিনীৰ এজন জোৱান আজি সন্ধিয়া সাত বজাত বনৰীয়া হাতীৰ আক্ৰমনত নিহত হয় । নিহত আৰক্ষী গৃহৰক্ষী বাহিনীৰ জোৱান জন হৈছে মৰিগাঁও জিলাৰ হালধিঅটিৰ লাৰুধন বৰদলৈ(৩৮) । ঘটনাৰ বিবৰণী অনসৰি,পুৰণা শালনা চাহ বাগিচাত আজি পুৱাৰে পৰা সাতটাকৈ হাতীৰ এটা জাকে অৱস্থান কৰি আছিল । আবেলি পাঁচ বজাত শালনা ৰেঞ্জৰ বন কৰ্মচাৰী দল এটাৰ লগত গৃহৰক্ষী লাৰুধন বৰদলৈও হাতী খেদিবলৈ গৈছিল । হাতী খেদি থাকোতে জাকৰ পৰা ফালৰি কাটি অহা এটা হাতীয়ে গৃহৰক্ষী জোৱান জনক উৰ্পযুপৰি চাহ বাগিচাৰ মাজতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে । পাছত বনৰক্ষীৰ দলটোৱে গুলীচালনা কৰি হাতীৰ জাকটো খেদি পঠিয়াই আহত লাৰুধন বৰদলৈক উদ্ধাৰ কৰি নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সন্ধ্যা ৭.৩০ বজাত গৃহৰক্ষী জোৱানজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ।