লকডাউন উলংঘা নকৰিবলৈ ৰাজ্যবাসীক আহ্বান ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ৮ মে’ : তৃতীয় পর্যায় লকডাউনৰ সময়ত চৰকাৰ প্রশাসনক সহযোগ কৰিবলৈ আহ্বান জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷
সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যবাসীৰ লগতে বিজেপিৰ দলীয় কার্যকর্তাসকলক আহ্বান জনায় কয় যে তৃতীয় পর্যায়ৰ লকডাউনৰ সময়তে বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকল অসমলৈ উভতি আহিছে৷ এনেদৰে অহা লোকৰ মাজত ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা ব্যক্তিও থাকিব পাৰে৷ গতিকে ৰাজ্যৰ প্রতিজন বাসিন্দাই যাতে চৰকাৰে বান্ধি দিয়া নির্দেশনাসমূহ সঠিকভাৱে পালন কৰে৷ অহা দুসপ্তাহ যাতে প্রতিজন ব্যক্তিয়ে লকডাউন সঠিকভাৱে পালন কৰি চৰকাৰক পূর্ণ সহযোগ আগবঢ়ায়৷ লকডাউনৰ এই সময়ছোৱাত চৰকাৰে কিছু শিথিলতা দিছে যদিও একাংশ লোকে এনে শিথিলতাৰ সুযোগ লৈ সামাজিক দূৰত্ব মানি নচলা, মাস্ক নিপিন্ধা পৰিলক্ষিত হৈছে৷
অসমত ক’ৰোনা আক্রান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱা নাই বুলি গৌৰৱ কৰাৰ সময় নহয়৷ সভাপতি দাসে পুনৰ কয়– বহিঃৰাজ্যৰ পৰা অহা লোকসকলক লৈ এতিয়া নতুন প্রত্যাহ্বানেৰে এই পৰিস্থিতিৰ লগত যুঁজ দিব লাগিব৷