বাগ্সাত ক’ৰোনা পৰীক্ষা নকৰাকৈ পুতিলে হোম কোৱাৰেণ্টাইনত মৃত ব্যক্তিক
নিয়মীয়া বাৰ্তা, ৮ মে’ : হোম কোৱাৰেণ্টাইনত থকাৰ সময়তে বাগ্সাত এজন লোকৰ মৃত্যুক লৈ সৃষ্টি হোৱা অবাঞ্ছিত পৰিস্থিতিয়ে অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ১৭ দিনৰ পূর্বে চিকিৎসকে হোম কোৱাৰেণ্টাইনৰ পৰামর্শ দিয়া আনন্দ বজাৰৰ শংকৰ বর্মন নামৰ লোকজনৰ বুধবাৰে বিয়লি মৃত্যু ঘটে৷ গাঁওবাসীয়ে প্রশাসনক এই বিষয়ে অৱগত কৰাৰ লগতে শংকৰ বর্মনৰ ক’ৰোনা ভাইৰাছৰ পৰীক্ষা কৰাৰ পিছতহে সৎকাৰৰ বাবে মৃতদেহ চমজি ল’ব বুলি জনায়৷ কাৰণ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজ স্বাভাৱিকতে শংকিত হৈ পৰিছিল কোৱাৰেণ্টাইনত বিনাচিকিৎসাই থকা শংকৰ বর্মনৰ ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হোৱা বুলি৷ কিন্তু প্রশাসনে কোনো ব্যৱস্থা গ্রহণ নকৰাত কালিৰে পৰা মৃতদেহটো বৃহস্পিতবাৰে দুপৰীয়াপর্যন্ত মহ–মাখিৰ মাজত পৰি ৰয়৷
বৃহস্পিতবাৰে প্রশাসনৰ লোক উপস্থিত হয় যদিও কোনোধৰণৰ পৰীক্ষা কৰাৰ সলনি মৃতদেহটো জেচিবিৰে গাঁত খান্দি পুতি থয়৷ এই ঘটনাত স্বাভাৱিকতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ আৰক্ষী–চিকিৎসক আৰু আশাকর্মীয়ে এইক্ষেত্রত গাফিলতি কৰা বুলি ৰাইজে অভিযোগ কৰে৷ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তর্গত পাটলা কেম্পৰ শংকৰ বর্মন পেছাত বাছৰ হেণ্ডিমেন আছিল৷ প্রতিদিনে বৰপেটাৰোডৰ পৰা ধুবুৰীলৈ চলাচল কৰিছিল শংকৰ বর্মনে হেণ্ডিমেন হিচাপে কাম কৰা বাছখন৷ কিন্তু লকডাউনৰ মাজতে বৃহস্পিতবাৰৰ পৰা ২১ দিন পূর্বে ধুবুৰীৰ পৰা বাগ্সাৰ আনন্দ বজাৰৰ নিজ গৃহত উপস্থিত হৈছিল শংকৰ বর্মন৷ জ্বৰ–কাহ–চর্দিত আক্রান্ত হৈ নিজগৃহত উপস্থিত হোৱাৰ পিছত পৰিয়ালে ১০৪ নম্বৰত যোগাযোগ কৰে৷ ১৭ দিন পূর্বে চিকিৎসকৰ লগতে ১০৮ৰ কর্মী আনন্দ বজাৰত উপস্থিত হৈ আনন্দ বজাৰৰ পল্লা নৈৰ কাষত শংকৰ বর্মনক হোম কোৱাৰেণ্টাইনত থাকিবলৈ নির্দেশ দিছিল৷ অভিযোগ মতে হোম কোৱাৰেণ্টাইনত থকা দিনকেইটাত কোনো এদিন চিকিৎসক, আশাকর্মী বা প্রশাসনৰ লোকে খবৰ লোৱা নাছিল শংকৰৰ আৰু কালি আবেলি বিনাচিকিৎসাই মৃত্যুক সাবটি লয় শংকৰ বর্মনে৷
কালিৰে পৰা দুপৰীয়াপর্যন্ত মৃতদেহ পৰি ৰয় যদিও ক’ৰোনাত আক্রান্তৰ সন্দেহত গাঁওবাসী কোনো এজন আগবাঢ়ি অহা নাছিল মৃতদেহৰ কাষলৈ৷ এই ঘটনাই অঞ্চলজুৰি তীব্র আতংক সৃষ্টি কৰাৰ সময়তে দুপৰীয়াৰ ভাগত শালবাৰীৰ মহকুমাধিপতি নিত্য বিনোদ ৱাৰী, সাউদৰভিঠা ক্ষুদ্র প্রাথমিক স্বাস্থ্য কেন্দ্রৰ চিকিৎসক ছাইফুদ্দিন আহমেদৰ উপস্থিতিত মৃতদেহটো সম্পূর্ণভাৱে মানৱতা ভূ–লুণ্ঠিত কৰি জেচিবিৰে কঢ়িয়াই সৎকাৰৰ পৰিৱর্তে গাঁতত পুতি থৈ দায় সামৰে৷ উল্লেখ্য যে শংকৰ বর্মনৰ পৰিয়াল, চুবুৰীয়া লোক, আনন্দ বজাৰৰ একাংশ ৰাইজ আৰু বাগ্সা জিলা হিন্দু জাগৰণ মঞ্চৰ ফালৰ পৰা দাবী জনোৱা হৈছিল যে ঘটনাটোৱে যিহেতু এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে, সেয়ে আৰক্ষী–প্রশাসনে মৃতদেহটো উদ্ধাৰ কৰি ক’ভিড–১৯ৰ পৰীক্ষা নকৰাকৈ যাতে পৰিয়ালৰ হাতত গতাই নিদিয়ে৷ কিন্তু এই দাবীৰ প্রতি কোনোধৰণৰ সদিচ্ছা প্রকাশ নকৰি শালবাৰী মহকুমা প্রশাসনৰ লগতে চিকিৎসক ছাইফুদ্দিন আহমেদে মানৱতা ভূ–লুণ্ঠিত কৰি গাঁতত পুতি থয় শংকৰ বর্মন নামৰ ৪৫ বছৰীয়া লোকজনৰ মৃতদেহ৷ শালবাৰী মহকুমা প্রশাসনৰ লগতে চিকিৎসক ছাইফুদ্দিন আহমেদৰ এই কার্যক ধিক্কাৰ দিয়ে আনন্দ বজাৰ অঞ্চলৰ সচেতন ৰাইজে৷