ছ’চিয়েল নেটৱর্কত মন্তব্য দি জে’ললৈ সাংবাদিক জমচেৰ
নিয়মীয়া বাৰ্তা ৮ মেঃ আৰক্ষীক অসৎ ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হোৱা ৰূপাৰাণী ভূঞাৰ বিৰুদ্ধে ফেচবুকত কৰা বিৰূপ মন্তব্যৰ কাৰণে প্রবক্তা ভূঞাই দিয়া এজাহাৰৰ ভিত্তিত বৃহস্পতিবাৰে মঙলদৈ আৰক্ষীয়ে গ্রেপ্তাৰ কৰে জমচেৰ আলী নামৰ সাংবাদিকগৰাকীক৷ তেওঁ ‘ছৱৰঙ্গ’ নামৰ ৱেব প’র্টেলৰ সাংবাদিক৷ তেওঁৰ বিৰুদ্ধে মঙলদৈ থানাৰ ২৪৬/২০ নম্বৰৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/২৯৪(এ)/১৫৩এ(এ)/৫০০/৫০৬ আৰু তথ্য–প্রযুক্তি আইনৰ ৬৭ ধাৰাত গোচৰ ৰজু কৰি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ জৰিয়তে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ বিজনী জিলাৰ কাৱাটিকাৰ বাসিন্দা জমচেৰ আলীৰ পিতৃ জুমৰউদ্দিন বুলি জানিব পৰা গৈছে৷