লকডাউনৰ মাজতো অব্যাহত আছে নিচাযুক্ত দ্রব্যৰ সৰবৰাহ
নিয়মীয়া বাৰ্তা ৯ মেঃ লকডাউনৰ মাজতো ৰাজ্যত অব্যাহত আছে নিচাজাতীয় দ্রব্যৰ সৰবৰাহ৷ লকডাউনৰ সময়ত পাচলি কঢ়িওৱা গাড়ীত অবৈধভাৱে নিচাযুক্ত কফছিৰাপ সৰবৰাহ কৰিবলৈ লওঁতে অপৰাধ অনুসন্ধান শাখাৰ (চিআইডি) এটা দলে অতর্কিতে অভিযান চলাই নিচাযুক্ত দ্রব্যখিনি জব্দ কৰে৷ শুকুৰবাৰে চি আই ডিৰ কার্যালয়ত এখন সংবাদ মেলত এই কথা সদৰী কৰে তদন্তকাৰী সংস্থাটোৰ অতিৰিক্ত সঞ্চালক ডাঃ এল আৰ বিষ্ণয়ে৷ সংবাদ মেলত ডাঃ বিষ্ণয়ে কয় যে গোপন সূত্রে লাভ কৰা তথ্যৰ ভিত্তিত মহানগৰীৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ লখৰাৰ লালগুদামৰ ছার্ভিচ ৰোডত এ এছ–০২ বি চি–৫২২৪ নম্বৰৰ টাটা এক্স গাড়ীখনৰ পৰা চি আই ডিৰ দলে ৩০ কার্টন কফছিৰাপ জব্দ কৰে৷ ফল আৰু পাচলি কঢ়িওৱাৰ অনুমতি থকা এই গাড়ীখনে কল কঢ়িয়াই আনিছিল যদিও গাড়ীখনৰ ভিতৰত গোপনে আনিছিল এই নিষিদ্ধ ছিৰাপখিনি৷ গাড়ীখনৰ দুটা গোপন চেম্বাৰত নিচাযুক্ত দ্রব্যখিনি অনা হৈছিল৷ চি আই ডিৰ দলে দ্রব্যখিনি বিচাৰি পোৱা নাছিল৷ লগত নিয়া স্নিফাৰ ডগৰ সহযোগত গাড়ীখনৰ গোপন চেম্বাৰ দুটা ধৰা পেলায়৷ চিআইডিৰ দলটোৱে কফছিৰাপখিনি জব্দ কৰাৰ লগতে গাড়ীখনৰ চালক ইমন আলী, হেণ্ডিমেন নুৰ জোন আলী আৰু আবেদুৰ ৰহমানক গ্রেপ্তাৰ কৰে৷ পিছত এই তিনিজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত লখৰাৰ লালগুদামৰ পৰা পুনৰ ৬০ কার্টন কফছিৰাপ জব্দ কৰে৷ লগতে গুদামটোৰ পৰা পংকজ মিশ্র আৰু জিতেন দত্ত নামৰ দুজন কর্মচাৰীক গ্রেপ্তাৰ কৰে চি আই ডিৰ দলটোৱে৷ ইফালে, নগাঁৱৰ পৰাও চিআইডিৰ আন এটা দলে ৫৫০টা কফছিৰাপৰ বটল জব্দ কৰে৷ সংবাদ মেলত ডাঃ বিষ্ণয়ে লগতে কয় যে গুৱাহাটীত জব্দ কৰা কফছিৰাপখিনি জে পি ফার্মা নামৰ ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা অনা হৈছিল আৰু নগাঁৱলৈ নিয়াৰ পৰিকল্পনা কৰিছিল৷ মহানগৰীৰ ৰাজগড়ত থকা এই প্রতিষ্ঠানটোৰ স্বত্বাধিকাৰী হ’ল প্রদীপ তালুকদাৰ৷ সম্প্রতি প্রদীপ তালুকদাৰ পলাতক হৈ আছে৷ জব্দ কৰা দ্রব্যখিনিৰ মূল্য ৯,৪০,০০০ টকা৷