নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনৰ ৰক্তদান

নিয়মীয়া বাৰ্তা, ১০ মে’ : ভাৰতৰ স্বাধীনতা যুঁজৰ প্ৰধান আন্দোলন চিপাহী বিদ্ৰোহৰ আজি ১৬৩ সংখ্যক দিন উপলক্ষে ৰক্তধাৰা নামেৰে ৰাজ্যজুৰি ৰক্তদান শিৱিৰ অনুষ্ঠিত কৰা হয় । নেশ্যনেল মেডিক’জ অৰ্গেনাইজেছনৰ উদ্যাগত আৰু সেৱাভাৰতীৰ সহযোগত অনুষ্ঠিত কৰা এই ৰক্তদান শিবিৰত মহেন্দ্ৰ নাৰায়াণ চৌধুৰী হাস্পতালত বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনে ৰক্তদান কৰে ।

প্ৰায় ১০০০ গৰাকী লোকক এই ৰক্তধাৰা আঁচনিৰ জৰিয়তে সাঙুৰি লোৱা হৈছে ।

উল্লেখ্য যে ক’ভিড-১৯ ৰ দৰে মহামাৰী ৰোগত আক্ৰান্ত লোকসকলৰ লগতে আন আন ৰোগীসকলক এই লকডাউনৰ সময়ছোৱাত চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ তেজৰ প্ৰয়োজন হ’ব । এই ক্ষেত্ৰত তেজৰ প্ৰয়োজনীয়তাৰ কাৰণে যাতে কোনো ৰোগীৰ বিপদ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এনে কাৰ্যসূচী গ্ৰহণ কৰা বুলি বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।

আনহাতে এই কাৰ্যসূচীতে বিধায়ক মমিনে নেশ্যনেল মেডিক’জ অৰ্গেনাইজেছন আৰু সেৱাভাৰতীৰ কৰ্মকৰ্তাসকলৰ মাজত মাস্ক বিতৰণ কৰে ।

You might also like