নিয়মীয়া বার্তা, ১১ মেঃ দেশত চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ মাজতে ভাৰতীয় ৰে’লৱেই ১২ মে’ৰ পৰা ক্রমাগতভাৱে যাত্রীবাহী ৰে’লসেৱাসমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে৷ সেই অনুসৰি দিল্লীক কেন্দ্র কৰি ১৫খন ৰে’ল দেশৰ গুৰুত্বপূর্ণ ১৫খন চহৰলৈ অহা–যোৱা কৰিব৷ নতুন দিল্লী ষ্টেচনৰ পৰা ডিব্রুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ভুৱনেশ্বৰ, ছেকেন্দ্রাবাদ, বাংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মাদগাঁও, মুম্বাই চেণ্ড্রেল, আহমেদাবাদ আৰু জম্মু টাৱিলৈ এই বিশেষ ৰে’লকেইখন চলাচল কৰিব৷
ভাৰতীয় ৰে’লৱেই জানিবলৈ দিয়া মতে আজি আবেলি ৪ বজাৰ পৰা আইআৰচিটিচিৰ ৱেবছাইটযোগে টিকটসমূহ বুকিং কৰিব পাৰিব৷ অৱশ্যে ৰে’লৱে ষ্টেচনসমূহত টিকট বুকিং কাউণ্টাৰ এই সময়ছোৱাত বন্ধ থাকিব৷ কেন্দ্রীয় ৰে’লৱে–বাণিজ্য–উদ্যোগ মন্ত্রী পীয়ূষ গোৱেলেও এক টুইটাৰযোগে ৰে’লৱে বিভাগৰ এই সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে৷ তেওঁ কয়– ‘ৰে’লৱে বিভাগে ক্রমান্বয়ে ১২ মে’ৰ পৰা যাত্রীবাহী ৰে’ল সেৱাসমূহ আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে৷ প্রথম অৱস্থাত ১৫টা পেয়াৰেৰে দিল্লী সংযোগী ১৫খন বিশেষ ৰে’ল দেশৰ গুৰুত্বপূর্ণ চহৰলৈ চলাচল কৰিব৷ কাইলৈ আবেলি ৪ বজাৰ পৰা অনলাইনযোগে টিকটৰ বুকিং আৰম্ভ হ’ব৷’ উল্লেখ্য যে লকডাউনৰ পৰিপ্রেক্ষিতত দেশৰ বিভিন্ন প্রান্তত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিক, শিক্ষার্থী, তীর্থযাত্রীসকলক গৃহৰাজ্যলৈ অনাৰ বাবে ৰে’লৱে বিভাগে যোৱা ১ মে’ৰ পৰা ইতিমধ্যে শ্রমিক বিশেষ ৰে’লযোগে যাতায়াত আৰম্ভ কৰিছে৷ এতিয়া ১২ মে’ৰ পৰা ৰে’লৱে বিভাগে সাধাৰণ ৰে’লসেৱা আৰম্ভ কৰাৰ পাছত ৰাজ্যসমূহে যাত্রীসকলৰ ক্ষেত্রত লকডাউনৰ নীতি–নিয়ম আৰু সামাজিক দূৰত্বৰ প্রসংগত কেনেদৰে ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷