নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইএছআই হাস্পতালত বিষ গেষ্ট্রিকৰ দৰব দিয়া হৈছিল দীপিকাক

কিয় চিনাক্ত নহ’ল ক’ৰোনা আক্রান্ত যুৱতীৰ ৰোগ?

নিয়মীয়া বার্তা, ১১ মেঃ ক’ভিড–১৯ত আক্রান্ত হৈ মহানগৰীৰ দীপিকা নাথ নামৰ এগৰাকী যুৱতীৰ মৃত্যুৰ পাছত সৃষ্টি হোৱা ৰহস্য অব্যাহত আছে৷ বিশেষকৈ ভ্রমণ বৃত্তান্ত নথকা দীপিকাৰ শৰীৰলৈ ক’ৰ পৰা এই মৰাত্মক ৰোগবিধৰ সংক্রমণ হ’ল, সেই প্রশ্ণৰ উত্তৰ এতিয়াও লাভ কৰা হোৱা নাই৷ সমান্তৰালভাৱে জ্বৰ–কাহ আৰু ভৰিৰ বিষত ভোগা কিশোৰীগৰাকী কেইবাবাৰো চিকিৎসকৰ কাষ চপাৰ পাছতো কিয় ৰোগ চিনাক্ত কৰিব পৰা নগ’ল, সেয়াও আন এক উদ্বেগৰ বিষয় হৈ পৰিছে৷ ইয়াক লৈ চর্চা অব্যাহত থকাৰ সময়তে উত্থাপন হৈছে কেতবোৰ গুৰুতৰ অভিযোগ৷

সম্প্রতি কোৱাৰেণ্টাইনত থকা দীপিকাৰ মাতৃয়ে প্রকাশ কৰিছে কেতবোৰ তথ্য৷ সংবাদ মাধ্যমৰ আগত ফোনযোগে প্রতিক্রিয়া প্রকাশ কৰি দীপিকাৰ মাতৃয়ে কয় যে বেলতলাৰ ই এছ আই চি হাস্পতালত দূৰৰ পৰাই সোধা–পোছা কৰি চিকিৎসকে যাবলৈ দিছিল দীপিকাক৷ আনকি চিকিৎসকে বেলেগ কর্মচাৰীৰ জৰিয়তে প্রেছক্রিপচন দি গৈছিল বুলি উল্লেখ কৰি দীপিকাৰ মাতৃয়ে কয়– ‘ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি, টেষ্ট আদি সম্পন্ন হোৱাৰ পাছত সিদ্ধান্ত ল’ব লাগিছিল৷ কিন্তু কোনো ধৰণৰ টেষ্ট বা পৰীক্ষা কৰা নাই৷ দূৰৰ পৰাই সোধা–পোছা কৰি ফোন নম্বৰ দি আমাক যাবলৈ দিছিল৷ ফোন কৰাৰ পাছতহে ঔষধৰ প্রেছক্রিপচন দিয়ে৷’ উল্লেখ্য যে দীপিকা নাথক চিকিৎসকে বিষ উপশম হোৱা টেবলটে, গেষ্ট্রিকৰ টেবলেট খাবলৈ দিছিল৷ সম্প্রতি কোৱাৰেণ্টাইনত থকা মাতৃগৰাকীয়ে আৱেগিক হৈ এইবুলিও কয়– ‘মোৰ ছোৱালীক মই হেৰুৱালোঁ৷ কিন্তু আগলৈ যাতে কোনো পিতৃ–মাতৃয়ে সন্তানক হেৰুৱাব নালাগে, তাৰ ব্যৱস্থা কৰক চৰকাৰে৷’

ইপিনে, বেলতলাৰ ই এছ আই চি হাস্পতাললৈ অহাৰ সময়ত দীপিকাৰ গাত ক’ভিড–১৯ৰ কোনো উপসর্গ নাছিল বুলি দাবী কৰিছে হাস্পতালখনৰ জ্যেষ্ঠ চিকিৎসক এ কে শইকীয়াই৷ সংবাদ মাধ্যমৰ আগত চিকিৎসকগৰাকীয়ে কয় যে ই এছ আই চি হাস্পতাললৈ দীপিকা ভৰিৰ বিষৰ চিকিৎসাৰ বাবেহে আহিছিল৷ সেই সময়ত যুৱতীগৰাকীৰ শৰীৰত জ্বৰ নাছিল৷ চিকিৎসক শইকীয়াই লগতে কয়– ‘কালাপাহাৰ ই এছ আই চি হাস্পতালে ভৰিৰ বিষৰ বাবে যুৱতীগৰাকীক অর্থপেডিকছৰ চিকিৎসাৰ বাবে প্রেৰণ কৰিছিল৷ বিষৰ চিকিৎসাৰ বাবে তেওঁ বেলতলাৰ হাস্পতাললৈ আহিছিল৷ সেই সময়ত যুৱতীগৰাকীৰ শৰীৰত জ্বৰ নাছিল৷ জ্বৰ নথকাৰ বহু কাৰণ থাকে৷ কেতিয়াবা তেওঁলোকে পেৰাচিটামল খাই আহে৷ কেতিয়াবা ৰোগীয়ে লুকুৱাই ৰাখে যে তেওঁলোকে দীর্ঘদিন জ্বৰ–কাহত আক্রান্ত৷ যুৱতীগৰাকীৰ ৰেফাৰেল লেটাৰত কেৱল ভৰিৰ বিষৰ কথা আছিল৷

সেয়েহে চিকিৎসকে ভৰিৰ বিষৰ চিকিৎসা কৰিছে৷ হয়তো হাস্পতাললৈ অহাৰ সময়ত পেৰাচিটামল খাই অহা বাবে যুৱতীগৰাকীৰ জ্বৰ নাছিল৷ গতিকে সন্দেহজনকভাৱে সকলো ৰোগীক ক’ৰোনাৰ পৰীক্ষা কৰাটো সম্ভৱ নহয়৷ ক’ৰোনাৰ এটা মাত্র লক্ষণ–উপসর্গ থাকিলেও তেওঁৰ নিশ্চয় পৰীক্ষা কৰা হ’লহেঁতেন৷’ আনহাতে, ই এছ আই চি হাস্পতালৰ প্রৱেশদ্বাৰত থার্মেল স্ক্রীনিং কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে প্রৱেশদ্বাৰত জ্বৰ পৰীক্ষা কৰা হয়৷ তেওঁৰ জ্বৰ পৰীক্ষা কৰোঁতে স্বাভাৱিক আছিল৷ চিচি টিভিৰ ফুটেজ অনুসৰি তেওঁলোকে টিকট বনাইছে আৰু অর্থপেডিকছ বিভাগলৈ আহিছে৷ এটা কথা নিশ্চিত যে তেওঁৰ কোনো ক’ভিডৰ উপসর্গ নাছিল৷ ইতিমধ্যে ই এছ আই চি হাস্পতালৰ প্রশাসনিক স্বাস্থ্য বিষয়াই ৰাজ্য চৰকাৰলৈ এই সন্দর্ভত পত্র প্রেৰণ কৰিছে বুলি ডাঃ শইকীয়াই সদৰী কৰে৷ একে সময়তে যিহেতু হাস্পতালখনলৈ অহাৰ সময়ত দীপিকাৰ গাত কোনো লক্ষণ নাছিল, সেয়েহে চিকিৎসকক দোষী কৰাটো সমীচীন নহয় বুলিও তেওঁ মন্তব্য কৰে৷

You might also like