যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০ খন বিচনাযুক্ত ICU উদ্বোধন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
সোমবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰে । এই পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়খনত ৫০ খন বিচনাযুক্ত ICU উদ্বোধন কৰে ।
ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয়খনৰ স্বাস্থ্যকৰ্মীসকলৰ সৈতে আলোচনাত মিলিত হয় স্বাস্থ্যমন্ত্ৰীগৰাকী ।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়- “আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০ খন বিচনাযুক্ত আইচিইউৰ আৰম্ভ কৰিছোঁ । ইয়াৰ আগতে ক’ভিড ৰোগীৰ বাবে ১৪ টা আইচিইউ ৰখা হৈছিল, যাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনত আন ৰোগীৰ বাবে আইচিইউৰ ব্যৱস্থা একপ্ৰকাৰৰ নোহোৱা হৈছিল । কিন্তু ৰাজ্যত ক’ভিড-১৯ ৰ সংক্ৰমণৰ মাজতে আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৫০ টা আইচিইউৰ ব্যৱস্থা আৰম্ভ কৰিলো ।”
স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সৈতে এই ভ্ৰমণকালত সংগ দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা, তপন গগৈ, আৰু কামাখ্যা প্ৰসাদ তাছা ।
Pleased to inaugurate 50-bed state-of-art, fully functional ICU at Jorhat Medical College & Hospital today with MoS @Pijush_hazarika & MPs @ToponKumarGogo1 & @KamakhyaTasa. Fitted with ventilators & oxygen equipment, it shall bolster our preparedness in fight against #COVID19 pic.twitter.com/GCRJY7SfEc
— Himanta Biswa Sarma (@himantabiswa) May 11, 2020