নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কটন বিশ্ববিদ্যালয়ত আৰম্ভ হ’ব লিবাৰেল আৰ্টছৰ স্নাতক পাঠ্যক্ৰম

নিয়মীয়া বাৰ্তা, ১১ মেঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে পৰিৱৰ্তিত সময়ৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন পাঠ্যক্ৰম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে । ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০১৯ ৰ আধাৰত কটন বিশ্ববিদ্যালয়ত আগন্তুক শিক্ষা বৰ্ষৰ পৰা আৰম্ভ হ’ব লিবাৰেল আৰ্টছৰ স্নাতক পাঠ্যক্ৰম ।

এই সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে কয়, “এই নতুন তিনিবছৰীয়া স্নাতক পাঠ্যক্ৰমটো অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে । লিবাৰেল আৰ্টছ পাঠ্যক্ৰমৰ ভৱিষ্যতে যথেষ্ট সম্ভাৱনা আছে ।”
ইউ জি চিৰ নীতি-নিৰ্দেশনাৰ ভিত্তিত লিবাৰেল আৰ্টছৰ শিক্ষা দানেৰে কটন বিশ্ববিদ্যালয় দেশৰ অগ্ৰণী শিক্ষানুষ্ঠান হিচাপে পৰিগণিত হ’বলৈ ওলাইছে বুলি তেওঁ প্ৰকাশ কৰে ।

প্ৰথম বৰ্ষত বিশ্ববিদ্যালয়খনৰ লিবাৰেল আৰ্টছ পাঠ্যক্ৰমত পঞ্চাশখন আসন থাকিব ।

উল্লেখ্য যে এই নতুন পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিৰ্দিষ্ট বিষয়ত জ্ঞান অৰ্জন কৰাৰ লগতে বিভিন্ন বিষয় অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব পাৰিব । তদুপৰি লিবাৰেল আৰ্টছৰ ডিগ্ৰীৰে শিক্ষকতা, বৈদেশিক পৰিক্ৰমা বা দূতাবাসত সংস্থাপন, নীতি বিষয়ক গৱেষণা আৰু উন্নয়ন খণ্ড, স্বাস্থ্য সেৱা প্ৰশাসন, সমাজ কৰ্ম, অসামৰিক সেৱা, ক্লায়েণ্ট চাৰ্ভিছিং, মাৰ্কেটিং, বেংকিং আদি বিভিন্ন ক্ষেত্ৰত সংস্থাপনৰ সুযোগ লাভ কৰিব । ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে পাঠ্যক্ৰমৰ সবিশেষৰ লগতে নামভৰ্তিৰ আবেদনৰ তাৰিখ আদিৰ বিষয়ে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ জৰিয়তে জানিব পাৰিব ।

You might also like