নিউজ চেনেলৰ সাংবাদিকক ফোনত হত্যাৰ ভাবুকি দুর্বৃত্তৰ
নিয়মীয়া বার্তা ১১ মেঃ হোজাই জিলাৰ ডবকাত অসমৰ ছেটেলাইট নিউজ চেনেল ‘প্রতিদিন টাইম’ৰ’ ডবকাৰ সংবাদদাতাগৰাকীক কোনো অচিনাক্ত দুর্বৃত্তই ফোনযোগে হত্যা কৰাৰ ভাবুকি ৷ ইতিমধ্যে এই সন্দর্ভত সাংবাদিকগৰাকীয়ে ডবকা থানাত এক গোচৰ তৰিছে৷ ইয়াকে লৈ সমগ্র ডবকাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্রাপ্ত তথ্য অনুসৰি যোৱা নিশা প্রতিদিন টাইম চেনেলৰ ডবকাৰ সাংবাদিক আব্দুল হান্নানক কোনো অচিনাক্ত লোকে হঠাতে সাংবাদিকগৰাকীক অশ্লীল ভাষাত গালি–গালাজ পাৰিবলৈ আৰম্ভ কৰে ৷ সাংবাদিকগৰাকীয়ে কিয় তেওঁক এনেদৰে গালি পাৰিছে বুলি জানিব বিচৰাত লোকজনে কয় যে সাংবাদিকজনৰ প্রতিবেশী ফৰিদ প্রফেছাৰৰ বিৰুদ্ধে কিয় বাতৰি পৰিৱেশন কৰিছে৷ তেতিয়া সাংবাদিকগৰাকীয়ে তেওঁক কয় যে তেওঁ উক্ত লোকজনৰ বিৰুদ্ধে কোনোধৰণৰ বাতৰি পৰিৱেশন কৰা নাই৷ কিন্তু বিপৰীত দিশৰ লোকজনে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰে আৰু কয় যে সাংবাদিকগৰাকীয়ে ডবকা থানাৰ অন্তর্গত খকনজুৰি গাঁৱত এডোখৰ ভূমি বেদখল সন্দর্ভত প্রতিবেশী লোকজনৰ নাম সাঙুৰি বাতৰি পৰিৱেশন কৰিছে৷ শীঘ্রে সাংবাদিকজনে ফৰিদ প্রফেছাৰ নামৰ লোকজনৰ ওচৰত ক্ষমা নিবিচাৰিলে তেওঁক হত্যা কৰা হ’ব বুলি ভাবুকি দিয়ে৷ ইফালে সাংবাদিক হত্যাৰ ভাবুকি দিয়া ঘটনাক তীব্র ভাষাৰে গৰিহনা দিয়ে ডবকাৰ বৈদ্যুতিন মাধ্যমৰ সাংবাদিকসকলৰ লগতে ডবকা প্রেছ ক্লাব, নীলবাগান প্রেছ ক্লাব, যমুনাভেলী প্রেছ ক্লাবে ৷ শীঘ্রে হত্যাৰ ভাবুকি প্রদান কৰা দুর্বৃত্তক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে আৰক্ষী প্রশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে সাংবাদিক মহলে৷