নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম দৰঙৰ দুই যুৱকৰ ব্যতিক্ৰম প্ৰয়াস

নিজাখৰচত কল ক্ৰয়:প্ৰদান কৰিব ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষ‌ক

নিয়মীয়া বাৰ্তা ১১ মেঃ বৃত্তিত ক্ষুদ্ৰ হলেও কিছুমান লোকৰ মনৰ চিন্তা আৰু কাম কাজে একো একোজন লোকক বিশালতা প্ৰদান কৰে। দৰঙৰ দুজন তেনেই সাধাৰণ যুৱকে লকডাউনৰ মাজতেই হাতত লোৱা প্ৰয়াসে দুয়োকে বিশালতা প্ৰদান কৰিছে । ক’ৰোণা ভাইৰাছে সমগ্ৰ বিশ্বজুৰি সংশয়ৰ সৃষ্টি কৰাৰ সময়তো পশ্চিম দৰঙৰ দীপীলাৰ এই যুৱকদ্বয়ে গ্ৰহণ ক ৰিছে ইতি বাচক আৰু ব্যতিক্ৰম এক প্ৰয়াস।ডাঙি ধৰিছে বন্য প্ৰাণীৰ প্ৰতি থকা
মৰম আৰু দায়বদ্ধতাৰ এক অনন্য নিদৰ্শন। লক্ষণীয় যে লক ডাউনৰ পৰিপ্ৰেক্ষিতত অসম ৰাজ্যিক চিৰিয়াখানাৰ তৃণভোজী বিভিন্ন বন্য প্ৰাণীৰ প্ৰতি খাদ্য সংকট নামি অহাৰ বাবেই পশ্চিম দৰঙৰ দিপীলাৰ দিগন্ত ডেকা আৰু টংকেশ্বৰ কলিতাই নিজা খৰচত কল কিনি চিৰিয়াখানা কতৃপক্ষ‌ক আগবঢ়োৱাৰ প্ৰয়াস কৰিছে।
আনকি দুয়োৱে গাঁৱে গাঁৱে গৈ কল সংগ্ৰহৰ কাম ইতিমধ্যেই আৰম্ভ কৰিছে।কিন্তু আচৰিত কথাটো হল এই দুয়ো যুৱকৰ আৰ্থিক অৱস্থা ইমানো ভাল নহয়।দিগন্ত ডেকাই দিপীলাৰ পদপথত বিক্ৰী কৰে চাহ আৰু টংকেশ্বৰ কলিতাই দিপীলাতে কাঠৰ মিস্ত্ৰী হিচাপে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম।পিছে দুয়োজনৰে হৃদয়ৰ নিভৃত কোণত উদ্বেলিত হৈ আছে প্ৰকৃতি প্ৰেমৰ অনন্ত বাসনা।স্মৰ্তব্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লক ডাউনৰ সময়ছোৱাত নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লগীয়া হোৱাত দুয়ো বন্ধুৱে গ্ৰহণ কৰিছিল গাঁৱে গাঁৱে গৈ পাচলি বিক্ৰীৰ কাম আৰু তেতিয়াই সংবাদ মাধ্যমত প্ৰকাশ পোৱা ৰাজ্যিক চিৰিয়াখানাৰ বন্য প্ৰাণীৰ খাদ্য সংকটৰ বাতৰি দৃষ্টি গোচৰ হৈছিল। এইক্ষেত্ৰত শাক-পাচলি বিক্ৰী কৰি পোৱা টকাৰে কল কিনি অসম ৰাজ্যিক চিৰিয়াখানাৰ পশু-পক্ষীকূললৈ কল আগবঢ়াবৰ বাবে টংকেশ্বৰ আৰু দিগন্তই যৌথভাৱে গ্ৰহণ কৰিছে এই সময়োপযোগী পদক্ষেপ। ব্যৱসায় সংক্ৰান্তীয় নিজৰ নৈমত্তিক কাম কাজৰ মাজতে দিপীলা, সৰাবাৰী বৰমপুৰ,খটৰা, মাহৰিপাৰা,কেৱলীয়াহাটী আদি ঠাইসমূহৰ বিভিন্ন পৰিয়ালৰ পৰা উচিত মূল্যৰ বিনিময়ত কল সংগ্ৰহ কৰাৰ কাম চলাই নিছে টংকেশ্বৰ আৰু দিগন্ত দুয়োজন প্ৰকৃতিপ্ৰেমীয়ে।এই ক্ষেত্ৰত ৰাজ্যিক চিৰিয়াখানাৰ কৰ্তৃপক্ষ‌ৰ সহযোগ লাভ কৰিলেই কলখিনি অৰ্পণ কৰিব চিৰিয়াখানা কতৃপক্ষ‌ক। বিশেষকৈ লক্ ডাউনৰ বাবে ৰাজ্যত যান-বাহনৰ সাধাৰণ চলাচল বন্ধ থকা হেতুকে অসম ৰাজ্যিক চিৰিয়াখানালৈ সাজু কৰা কলৰ থোকসমূহ গুৱাহাটীলৈ নিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা ল’বলৈ তেওঁলোকে অনুৰোধ জনাইছে। দৰঙৰ দিপীলাৰ এই সাধাৰণ যুৱকদ্বয়ৰ এনে ইতিবাচক চিন্তা এতিয়া আমাৰ সমাজ জীৱনৰ প্ৰতিয়েই যেন হৈ পৰিছে নিদৰ্শন স্বৰূপ।।

You might also like