নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপিকা নাথৰ সংস্পৰ্শলৈ অহা ৮২ জন লোকৰ ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ

নিয়মীয়া বার্তা, ১১ মেঃ  কৰ’নাত মৃত্যু হোৱা দীপিকা নাথ নামৰ কিশোৰী গৰাকীৰ সংস্পৰ্শলৈ অহা ৮২ জন লোকৰ আটাইৰে ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ। দীপিকা নাথৰ সংস্পৰ্শলৈ অহা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ সকলোৰে ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ। 

প্ৰতিষ্ঠানখনৰ সঞ্চালক ডাঃ অমল কটকীয়ে কয়- “আমি আপোনালোকক জনাবলে পায় সুখী হৈছো যে,  ক’ভিড–১৯ ত আক্রান্ত হৈ মহানগৰীৰ দীপিকা নাথ নামৰ  যুৱতী গৰাকীৰ গুৱাহাটীৰ বিৰুবাৰীস্থিত বি বৰুৱা কেঞ্চাৰ প্রতিষ্ঠানৰ হৰিজন কলনীত মৃত্যুৰ পাছতে তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক ক’ৰোনা টেষ্ট কৰোৱা হৈছিল । অৱশ্যে সুখৰ বিষয় যে এই ৮২ জন লোকৰ আটাইৰে ক’ৰোনা টেষ্টৰ ফলাফল নিগেটিভ পোৱা গৈছে।”

আনহাতে আজিৰে পৰা বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত পুনৰ আৰম্ভ হৈছে পূৰ্বৰে পৰা চিকিৎসা চলি থকা কৰ্কট ৰোগীৰ চিকিৎসা । আজি ৩০ জন লোকক কেম’ থেৰাপি আৰু ৮০ জন ৰোগীক ৰেডিঅ’ থেৰাপি কৰা হৈছে। লগতে কণ্টেইনমেণ্ট জনত থকাৰ বাবে কিছুদিন পিছতহে আৰম্ভ হ’ব OPD সেৱা।

You might also like