নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে জুবিন গাৰ্গে

নিয়মীয়া বাৰ্তা, ১২ মেঃ সোমবাৰে নিশা প্ৰায় ২ বজাত সৰুসজাই কোৱাৰেণ্টাইন চেণ্টাৰত উপস্থিত হয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। প্ৰথমে স্ক্ৰিনিং টেষ্ট কৰাৰ পাছত কোৱাৰেণ্টাইন কৰা হয় শিল্পীগৰাকীক। কিছু অসুস্থতাৰ বাবে মুম্বাইত উন্নত চিকিৎসাৰ বাবে যোৱা জুবিন-গৰিমা লক ডাউনৰ বাবে তাতেই আৱদ্ধ হৈ পৰিছিল। কিন্তু ৩দিন যাত্ৰাৰ পাছত গুৱাহাটীত উপস্থিত হোৱা জুবিন গাৰ্গ বৰ্তমান সম্পূৰ্ণ সুস্থ।

শেহতীয়াকৈ ৰাজ্যখনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ জুবিন গাৰ্গে কয় যে আমি সকলো নিয়ম মানি চলিব লাগিব। সামাজিক দূৰত্বকে ধৰি মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।

ৰাজ্য চৰকাৰে ইয়াৰ বাবে অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমি মুম্বাইৰ পৰা আহোতে কেইবাখনো ৰাজ্য পাৰ হৈ আহিছো যদিও অসম চৰকাৰে লোৱা পদক্ষেপ বহু উন্নত। আমাৰ সকলো চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীয়ে বহু কষ্ট কৰিছে।

অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনালে জুবিন গাৰ্গে। ৰাইজৰ স্বাৰ্থত মন্ত্ৰীগৰাকীয়ে দিন-ৰাতি একাকাৰ কৰি কাম কৰিছে। গতিকে ক’ৰোনাৰ বিৰুদ্ধে এই যুদ্ধত আমি জয় হ’বই লাগিব বুলিও সাংবাদিকৰ আগত কয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱগৰাকীয়ে।

You might also like