নিয়মীয়া বাৰ্তা, ১৩ মে’ : লকডাউনৰ সময়ছোৱাত অসম পশুধন নিগমে গ্রহণ কৰা তৎপৰতাৰ ফলতে উন্মোচিত হ’ল এক ইতিবাচক দিশ ৷ চৰকাৰৰ নির্দেশ আৰু জিলা প্রশাসনে নির্ধাৰণ কৰা মূল্য অনুসৰি অসম পশুধন নিগমে দ্বিতীয় পর্যায়ৰ লকডাউনৰ মাজভাগৰ পৰা আৰম্ভ কৰা কণী, মাংস বিক্রীৰ ফলত অকল গুৱাহাটী মহানগৰীতে দুই শতাধিকৰো অধিক স্থানীয় যুৱকে হোম ডেলিভাৰী অথবা খুচুৰা বিক্রীৰ জৰিয়তে স্বাৱলম্বিতাৰ নতুন পথ গ্রহণ কৰে বুলি মঙলবাৰে এক সংবাদ মেলত অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই সদৰী কৰে ৷ অধ্যক্ষ শইকীয়াই কয় যে বর্তমানলৈ পশুধন নিগমে মুঠ ২৭টন ছাগলীৰ মাংস, ১৮টন কুকুৰা মাংস আৰু প্রায় ২০৮০০ প্লেট কণী অকল নিগমৰ গুৱাহাটী মহানগৰীৰ পাঞ্জবাৰীস্থ চৌহদৰ পৰাই উপলব্ধ কৰিছে ৷ লগতে নিগমে যোৰহাটত নির্মাণ কৰি উলিওৱা আধুনিক কচাইখানাটো কার্যক্ষম কৰি যোৰহাটবাসীৰ বাবে ছাগলী আৰু কুকুৰা মাংস উপলব্ধ কৰিছে ৷ এই সময়ছোৱাত নিগমে নিজাববীয়াকৈ প্রায় ২,৬০,০০,০০০ টকাৰ ব্যৱসায় কৰাৰ লগতে নিগমৰ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন জিলাত প্রায় ৪০ কোটি টকাৰো অধিক কণী, ছাগলী মাংস আৰু কুকুৰা মাংসৰ ব্যৱসায় সম্ভৱ হয় ৷
ৰাজ্যখনত এই ব্যৱসায়ত ৯৫০জনৰো অধিক নিবনুৱা যুৱককে ধৰি বিভিন্ন ক্ষেত্রৰ লোক জডিত হৈ পৰে৷ নিগমে ৰাজ্যখনত নির্মাণ কৰি থকা আৰু ৯টা আধুনিক কচাইখানাৰ জৰিয়তে অতি কম দিনৰ ভিতৰতে স্থানীয়ভাৱে বহু নিবনুৱা যুৱকৰ আত্মনির্ভৰশীল হোৱাৰ বাট সুচল হ’ব বুলি শইকীয়াই উল্লেখ কৰে৷ লকডাইনৰ সময়ছোৱাত নিগমে মূল্য নিয়ন্ত্রণৰ ক্ষেত্রতো গুৱাহাটী পৌৰ নিগমৰ সহযোগত ব্যৱস্থা গ্রহণ কৰিছে বুলি জানিবলৈ দি কয় যে এই সক্রিয়তাৰ কাৰণে অসাধু ব্যৱসায়ীসকলে কণী, মাংস, মাছৰ ক্ষেত্রত বর্ধিত মূল্য ল’ব পৰা নাই৷ পৌৰ নিগমে জব্দ কৰা এনে সামগ্রীসমূহ প্রতিদিনে অনাথ আশ্রম, বৃদ্ধাশ্রম আদিত দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ গাহৰিৰ দেহত দেখা দিয়া আফ্রিকান গাহৰি জ্বৰ প্রতিৰোধৰ ক্ষেত্রত জৈৱ সুৰক্ষা আৰু সাৱধানতাৰ বিকল্প নাই৷ যিহেতু এই ৰোগৰ প্রতিষেধক অথবা ঔষধ নাই সেয়ে সংক্রমণ ৰোধ কৰিবলৈ জৈৱ সুৰক্ষা নিশ্চিত কৰিব লাগিব ৷ দেশত তথা অসমত এই ৰোগ প্রথমবাৰ হোৱা বাবে এক নতুন অভিজ্ঞতাৰে আগবাঢ়িব লগা হৈছে ৷ চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা সকলো ধৰণে জৈৱ সুৰক্ষা নিশ্চিত কৰা ব্যৱস্থা গ্রহণ কৰাৰ লগতে সজাগতাৰ বাবে বিভিন্ন কার্যসূচী হাতত লোৱা হৈছে৷ ইতিমধ্যে অধিক হাৰত নমুনা পৰীক্ষাৰ কাৰণে তৎপৰতাৰে ব্যৱস্থা লোৱা হৈছে৷ মন্ত্রী অতুল বৰাই প্রতিদিনে বিভিন্ন জিলালৈ গৈ নিজে শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে বুলিও শইকীয়াই জানিবলৈ দিয়ে ৷