নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজানত চিকিৎসকৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; আটক চিকিৎসক

নিয়মীয়া বাৰ্তা, ১৩ মে’ : কাৰ্বি আংলঙৰ বোকাজান সামুহিক স্বাস্থ্যকেন্দ্ৰৰ হোমিওপেথিক চিকিৎসক ডাঃ শেখ আহমেদ আলি কাদাৰীৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে যৌন নিৰ্যাতনৰ অভিযোগ তুলিছে ৷

যুৱতী গৰাকীৰ ভাষ্য অনুসৰি, আজি দিনত চিকিৎসক গৰাকীৰ ওচৰলৈ ৰোগৰ চিকিৎসাৰ বাবে যায় ৷ পূৰ্বেও একেই ৰোগৰ বাবে যুৱতী গৰাকী চিকিৎসকৰ ওচৰলৈ গৈছিল ৷ যুৱতী গৰাকীয়ে জনোৱা মতে চিকিৎসক গৰাকীৰ কক্ষত কোনো মহিলা স্বাস্থ্যকৰ্মী নথকাৰ সুযোগ লৈ তেওঁৰ শৰীৰ বিভিন্ন স্থানত চিকিৎসক গৰাকীয়ে ইচ্ছাকৃতভাৱে স্পৰ্শ কৰে ৷ আনকি সেই সময়ত চিকিৎসক গৰাকীৰ কক্ষলৈ চেনিটাইজ কৰিবলৈ অহা দুজন কৰ্মীকো চিকিৎসক গৰাকীয়ে পিছত আহিবলৈ কৈ নিজ কক্ষৰ পৰা পঠিয়াই দিয়াৰ অভিযোগ তোলে যুৱতী গৰাকীয়ে ৷

অভিযুক্ত চিকিৎসক ডাঃ শেখ আহমেদ আলি কাদাৰী

ইয়াৰ পাছতেই ভূক্তভোগী যুৱতীগৰাকীয়ে বোকাজান থানাত চিকিৎসক গৰাকীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দখিল কৰাত আৰক্ষীয়ে চিকিৎসালয়ৰ পৰাই চিকিৎসক গৰাকীক আটক  কৰে ৷

বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াই জনোৱা মতে, চিকিৎসক গৰাকীৰ বিৰুদ্ধে এক গোছৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাৰম্ভিক তদন্তত চিকিৎসকজনৰ বিৰুদ্ধে যুৱতীগৰাকীক অশালীন ব্যৱহাৰ কৰাৰ যথেষ্ট তথ্য লাভ কৰিছে ৷ আনহাতে ঘটনাৰ উচিত তদন্ত বিচাৰিছে ভূক্তভোগী যুৱতী আৰু স্থানীয় ৰাইজে ৷

You might also like