মৰিগাঁওত পুনৰ আন এজন ভুৱা সাংবাদিকক গ্ৰেপ্তাৰ
মিকিৰভেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ফাৰুক আহমেদ নামৰ প্ৰাক্তন আছু নেতা তথা স্বয়ম্ভু সাংবাদিক জনক
নিয়মীয়া বাৰ্তা ১৩ মেঃ মৰিগাঁওত দিনক দিনে বৃদ্ধি পাইছে স্বয়ম্ভু সাংবাদিকৰ দপদপনি ৷ কোনো সাংবাদিকতাৰ নূন্যতম জ্ঞান নথকা কিছু ইউটিউব চেনেল নাইবা ফেচবুকৰ জৰিয়তে বাতৰি সম্প্ৰচাৰ কৰি নিজকে এজন প্ৰতিস্থিত সাংবাদিক বুলি জাহিৰ কৰি আহিছে একাংশ স্বয়ম্ভু সাংবাদিক ৰূপী যুৱকে ৷ কেৱল ক্লেক মেইলিংৰ জৰিয়তে ধনঘটাৰ পথ হিছাপে বাছি লৈ গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সাংবাদিকতাৰ বৃত্তিক কলুষিত কৰি আহিছে এই সকল ভুৱা সাংবাদিক ৰূপী ব্লেকমেইলাৰে ৷ মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীয়ে কিছুদিন পূৰ্বে এজন স্বয়ম্ভু নিউজ পৰ্টেলৰ সম্পাদক , সাংবাদিকক ব্লেকমেইলিঙৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছতে আজি পুনৰ মিকিৰভেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ আনএজন ভুৱা সাংবাদিক ৷ জানিব পৰা নিউজ টুডে অসম নামৰ নিউজ পৰ্টেলৰ সাংবাদিক বুলি এখন নিজে বনাইলোৱা আইকাৰ্ড লৈ নিজকে সাংবাদিক পৰিচয় দি ফুৰা ফাৰুক আহমেদ নামৰ ভুৱা সাংবাদিক তথা প্ৰাক্তন আছু নেতা জনক আজি বুধবাৰে মিকিৰভেটা আৰক্ষীয়ে ভুৱা সাংবাদিকতাৰ লগতে আৰু দুটা গোচৰৰ ভিত্তিত 178 U/S 419.420.468.471 নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷