নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁওত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অন্তর্গত মাস্ক বিক্রী কেন্দ্র মুকলি

মাস্ক প্রস্তুত কৰি জীৱিকাৰ পথ মোকলাইছে আত্ম সহায়ক গোটৰ মহিলাই

নিয়মীয়া বাৰ্তা ১৩ মেঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক স্থানীয় উৎপাদন ক গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ সময়তে মৰিগাঁও জিলা ত থকা পাঁচটা খণ্ড অভিযান পৰিচালনা শাখাৰ প্ৰচেষ্টাত জিলা খনত থকা মুঠ 8446 তা গোটৰ ভিতৰত প্ৰায় 223 গোট আৰু 278 আত্ম সহায়ক গোটৰ সদস্যা এই মাস্ক বনোৱা কামত প্ৰত্যক্ষ ভাবে জড়িত হৈ এতিয়ালৈকে মুঠ 159741 মাস্ক প্ৰস্তুত কৰি উলিয়াইছে আৰু তাৰে ভিতৰত 76562 তা মাস্ক বিক্ৰী কৰি এতিয়ালৈকে মুঠ 848728 টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে।
ক’ৰোনা ভাইৰাছ ক প্ৰতিৰোধ কৰিবলৈ গাওঁৰ মহিলা সকলে হাতেৰে তৈযাৰী মাস্ক প্ৰস্তুত কৰি সমগ্ৰ জিলা খনতে এক আলোড়নৰ সৃষ্টি কৰিছে। আজি মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই জিলা পৰিসদৰ কাৰ্যলয় ৰ সন্মুখত এক বিপনি শুভ উদ্বোধন কৰি সকলো মহিলাক এই গোট সমূহৰ আদৰ্শ ল’বলৈ আহ্বান জনায়। উক্ত অনুষ্ঠান ত উপস্থিত থাকে মৰিগাঁও জিলা পৰিসদ ৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়াই।
আজিৰে পৰা মৰিগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত এই মাস্ক বিক্ৰী কেন্দ্ৰত আত্ম সহায়ক গোটৰ সদস্যা সকলে সম্পূৰ্ণ কপাহী কাপোৰেৰে প্ৰস্তুত কৰি উলিওৱা মাস্ক সমূহ উপলব্ধ হ’ব।

You might also like