নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁও জিলা ছাত্র সন্থাৰ উদ্যোগত আয়োজিত লকডাউন বিশেষ প্ৰবন্ধ আৰু চিত্রাংকণ প্ৰতিযোগিতাৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তাঃ ৰঙালী বিহু উপলক্ষে আৰু লকডাউনৰ লগত সংগতি ৰাখি যাতে সমগ্র জিলাবাসীক ঘৰতে নিজকে ব্যস্ত ৰাখিব পাৰে এনে এক উদ্দেশ্য আগত লৈ মৰিগাঁও জিলা ছাত্র সন্থাৰ আহ্বানত আৰু মহাবিদ্যালয় গোট সমূহৰ উদ্যোগত অনলাইন প্ৰবন্ধ আৰু চিত্রাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰবন্ধ প্ৰতিযোগিতা খনিৰ বিষয়বস্তু আছিল “অসমৰ গ্ৰাম্য অৰ্থনীতিত ক’ৰোনা মহামাৰীৰ প্ৰভাৱ:প্ৰত্যাশা আৰু প্ৰত্যাহ্বান” আৰু চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল “বহাগ আৰু লকডাউন”।সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে কয় এই প্ৰতিযোগিতাত আশাকৰা ধৰণেই ছাত্ৰছাত্ৰী সকলৰ সহাঁৰি পোৱা যায়, আৰু জিলাখনৰ প্ৰায় বহু শতাধিক ছাত্ৰছাত্ৰীৱে অংশগ্ৰহণ কৰি নিজত পাৰদৰ্শিতাৰ প্ৰমাণ ডাঙি ধৰে ৷
প্ৰতিযোগিতাখনিৰ মাজৰ পৰা স্থানপ্ৰাপ্ত সকলক বিচাৰি উলিওৱাত অৰ্থাৎ বিচাৰকৰ দ্বায়িত্বত থাকে ক্ৰমে মণিষা শৰ্মা বাইদেউ (বিশিষ্ট সাহিত্যিক) আৰু উদয়াস্ত আলিবাট অসমৰ বিষয় ববিয়া সকল ৷ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অভিজিৎ ব্ৰক্ষ্ম আৰু সদৰ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মনে জনোৱা অনুসৰি প্ৰবন্ধ প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি টেক বিভাগৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰ নৱ পৰাশ বৰা আৰু দ্বিতীয় স্থান লাভ কৰে ৰেছনেন্স কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী নম্ৰতা লাহন,আৰু তৃতীয় স্থান যুটীয়া ভাৱে লাভ কৰে চৰাইবাহী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী শ্ৰী পল্লৱী দেৱী আৰু নগাঁও মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী চিমি ডেকাই ৷ অন্যহাতে চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে ৰাধাকৃষ্ণন চেণ্ট্ৰেল একাডেমীৰ সপ্তম মানৰ ছাত্ৰী কৃষ্টি সীমা দেৱাই প্ৰথম, শংকৰদেৱ বিদ্যা নিকেতনৰ সপ্তম মানৰ ছাত্ৰ দিৱাকৰ দেৱ নাথে দ্বিতীয় আৰু যুটীয়া ভাৱে চেণ্ট থেৰেছা বিদ্যালয়ৰ সপ্তম মানৰ ছাত্ৰী নিতীজ্ঞ্যা বৰ্মন আৰু শংকৰদেৱে বিদ্যা নিকেতনৰ পঞ্চম মানৰ ছাত্ৰী ইস্পিতা দেৱ দে লাভ কৰে তৃতীয় স্থান খ শাখাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে ক্ৰমে ছেণ্ট থেৰেছা বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰী অৰ্চনা বৰাই প্ৰথম,ৰাধাকৃষ্ণন চেণ্ট্ৰেল একাডেমীৰ অষ্টম মানৰ ছাত্ৰী দিক্ষীতা ছিমা দেৱাই দ্বিতীয় আৰু যুটিয়া ভাৱে ৰামেশ্বৰী সংঘ বিদ্যালয়ৰ নৱম মানৰ ছাত্ৰ কৌস্তুভ শইকীয়া আৰু মিলনপুৰ ম.ভি. বিদ্যালয়ৰ অষ্টম মানৰ ছাত্ৰী ৰিমৰিম চুলতানাই তৃতীয় স্থান দখল কৰে ৷

সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্ত আৰু উপদেষ্টা দ্বয় নৱ নাথ আৰু উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক দিপুল কুমাৰ নাথে স্থান প্ৰাপ্ত ছাত্ৰছাত্ৰী সকলক আন্তৰিক অভিনন্দন আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছে ৷ প্ৰথম,দ্বিতীয়,তৃতীয় বিজেতাক লকডাউনৰ পাছত আনুষ্ঠানিক ভাৱে সম্বৰ্দ্ধনা ও পুৰস্কৃত কৰা হ’ব।

You might also like