নুমলীগড় শোধনাগাৰ সম্প্রসাৰণৰ বুজ ল’লে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে
নিয়মীয়া বাৰ্তা, ১৪ মে’ : অসম চুক্তিৰ আধাৰত স্থাপন কৰা নুমলীগড় শোধনাগাৰত বুধবাৰে উপস্থিত হয় অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল ৷ এন আৰ এলৰ সম্প্রসাৰণৰ বিষয়ত সম্পূর্ণ বুজ ল’লে মুখ্যমন্ত্রীয়ে ৷ তেওঁৰ লগত উপস্থিত হয় মন্ত্রী অতুল বৰা, কেশৱ মহন্ত, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, ৰ’জলীনা তির্কী, বিমল বৰা ৷ উল্লেখ্য যে ২২,৫৯৪ কোটি টকা ব্যয়েৰে ৩ মিলিয়ন মেড্রিকটনৰ পৰা ৯ মিলিয়ন মেড্রিকটন শোধন ক্ষমতালৈ সম্প্রসাৰণ হ’ব এন আৰ এল ৷ লকডাউনৰ মাজতে নুমলীগড় শোধনাগাৰত সামাজিক দূৰত্ব বজাই ৰাখি শোধনাগাৰটোৰ বিষয়া–কর্মীয়ে কামত আত্মনিয়োগ কৰি উৎপাদনৰ কামত মনোনিৱেশ কৰা কার্যক মুখ্যমন্ত্রীয়ে প্রশংসা কৰে ৷ পাছত তেওঁ শোধনাগাৰৰ বিষয়া–কর্মীৰ লগত এক আলোচনাত মিলিত হয় ৷ ইয়াৰ পাছতেই তেওঁ এন আৰ এলৰ বেম্ব’ প্রজেক্টৰ কামৰ বুজ লয় ৷ শোধনাগাৰৰ ক্ষেত্র পৰিদর্শন কৰি শোধনাগাৰৰ নগৰাঞ্চলত তেওঁ সাংবাদিকৰ সৈতে মত বিনিময় কৰি কয় যে অহা ২০২১ৰ ডিচেম্বৰ মাহত বায়’ ৰিফাইনেৰীৰ উৎপাদনৰ কাম আৰম্ভ হ’ব ৷ ইয়াৰ লগতে শোধনাগাৰ সম্প্রসাৰণৰ ক্ষেত্রতো ইতিমধ্যে যো–জা চলোৱা হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ লাখ লাখ নিবনুৱা ইয়াৰ পৰা উপকৃত হ’ব বুলি তেওঁ প্রকাশ কৰে ৷