নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ ৪ নিযুতলৈ খাদ্য ‘মিচ’লিন ষ্টাৰ’ৰ বিকাশ খান্নাৰ

নিয়মীয়া বাৰ্তা, ১৪ মে’ : মিচ’লিন ষ্টাৰৰ প্রধান বিকাশ খান্নাই ভাৰতৰ ৪ নিযুত দুখীয়া লোকৰ বাবে বৃহৎ পৰিমাণৰ খাদ্য সামগ্রী প্রেৰণ কৰি সংহতিৰ পৰিচয় দিছে ৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ সময়ত অভাৱত পৰা ভাৰতৰ প্রায় ৭৯খন চহৰৰ দুখীয়া ৪ নিযুত লোকক শুকান খাদ্য সামগ্রীৰ টোপোলা প্রদান কৰে ৷ নিউয়র্কৰ বাসিন্দা তথা মিচ’লিন ষ্টাৰৰ প্রধান বিকাশ খান্নাই এপ্রিল মাহত এটা খাদ্য যোগানৰ শৃংখল সৃষ্টি কৰি অনাথ আশ্রম, বৃদ্ধাশ্রমত বাস কৰা লোকসকলক খাদ্য যোগান ধৰিছিল ৷ এটা মাহতকৈও কম সময়ত ৪৮ বছৰীয়া এই উদ্যোগী লেখক তথা চলচ্চিত্রৰ নির্মাতাজনে ক’ৰোনা সংক্রমণৰ সময়তে ভাৰতৰ ৪ নিযুত দুখীয়া লোকলৈ চাউল, দাইল, আটাকে ধৰি ৩,১০০ কুইণ্টল খাদ্য সামগ্রী প্রেৰণ কৰে অনাথ আশ্রম আৰু বৃদ্ধাশ্রমলৈ৷ এই কর্মত সহযোগ আগবঢ়োৱাৰ বাবে ভাৰতৰ এন ডি আৰ এফৰ সঞ্চালকপ্রধান সত্য নাৰায়ণ প্রধানক খান্নাই কৃতজ্ঞতা জ্ঞাপন কৰে ৷

You might also like