নিয়মীয়া বাৰ্তা, ১৪ মেঃ মুম্বাইৰ পৰা অসমলৈ অহা কৰ্কট ৰোগী আৰু আত্মীয়ৰ দেহত ক’ৰোনা ভাইৰাছ। নতুনকৈ আক্ৰান্ত হোৱা ৭জন লোকৰ ভিতৰত ৪জন কৰ্কট ৰোগী আৰু ৩জন আত্মীয়। কৰ্কট ৰোগী কেইজন ক্ৰমে মনোৰঞ্জন সাহা, গোপীন্দ্ৰ মালাকাৰ, প্ৰদীপ কুমাৰ বনিয়া আনহাতে ১৩ বছৰীয়া কিশোৰৰ দেহটো COVID-19।
ৰোগী কেইগৰাকীৰ আত্মীয় ক্ৰমে মীনাৰাণী বণিয়া, নীলকণ্ঠ দেৱ আৰু বাসুদেৱ পাটোৱাৰী। মুম্বাইৰ পৰা অসমলৈ অহাৰ পাছত কোৱাৰেণ্টাইনত আছিল লোককেইজন। ৰাজ্যত এই মুহূৰ্তলৈ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৮৬জনলৈ বৃদ্ধি পালে।