নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ সৰবৰহী সাংস্কৃতিকপ্ৰাণ ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক উদয়শংকৰ মহন্তৰ পৰলোকঃমৰিগাঁৱত শোকৰ ছাঁ

নিয়মীয়া বাৰ্তা ১৪ মেঃ  মৰিগাঁও চহৰৰ ৪ নং ৱাৰ্ডৰ গোসাইপুখুৰীৰ নিবাসী, অৱসৰপ্ৰাপ্ত শিক্ষক, সৰবৰহী সংস্কৃতিপ্ৰিয় ব্যক্তি উদয়শংকৰ মহন্তৰ আজি পুৱা ৯-৩০ বজাত মৰিগাঁও অসামৰিক চিকিৎসালয়ত পৰলোক প্ৰাপ্তি হয়।উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ আকস্মিকভাবে মৃত্যু হোৱা সৰবৰহী ব্যক্তিজনৰ বয়স হৈছিল ৬৭ বছৰ।মৰিগাঁও জিলাৰ জাজৰিৰ গজলা সত্ৰত জন্মগ্ৰহণ কৰা উদয়শংকৰ মহন্তই প্ৰিয় নেওগ উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি ২০১৬ চনত মনহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।কৰ্মসূত্ৰে মৰিগাঁও জিলাৰ মনহাৰ বেলগুৰিৰ বাসিন্দা হৈ পৰবৰ্তী পৰ্যায়ত মৰিগাঁও চহৰৰ ৪ নং ৱাৰ্ডত স্থায়ীভাৱে বসবাস কৰা মহন্ত এগৰাকী আদৰ্শ শিক্ষক হিচাপে সমাদৃত হৈছিল।এক সত্ৰীয়া সংস্কৃতিৰ অনুৰাগী, সমাজপ্ৰিয় ব্যক্তি হিচাপে পৰিচিত উদয়শংকৰ মহন্ত অসম সত্ৰ মহাসভাৰ লগতে মনহা,মৰিগাঁও চহৰৰ একাধিক শৈক্ষিক, সাংস্কৃতিক, সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল।অমায়িক ,শান্ত-সমাহিত স্বভাৱৰ ব্যক্তিগৰাকীৰ আকস্মিক মৃত্যুত মৰিগাঁও চহৰৰ লগতে মনহা অঞ্চলতো শোকৰ ছাঁ পৰিছে।তেখেতৰ মৃত্যুত মৰিগাঁও জিলা সত্ৰ মহাসভা,মৰিগাঁও সত্ৰীয়া মহাবিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।মৃত্যুৰ সময়ত মহন্তই পত্নী, এক পুত্ৰ-এগৰাকী কন্যা,বোৱাৰী-এক কনমানি নাতিসহ অনেক আত্মীয় স্বজন, গুনমুগ্ধক এৰি থৈ গৈছে।

You might also like