নিয়মীয়া বার্তা, ১৬ মে’ : ‘ৰিডিউছ, ৰিচাইক’ল, ৰি–য়ুজ’ চমুকৈ থ্রী–আৰ হেণ্ড ছেনিটাইজাৰৰ এক অভিনৱ কৌশল উদ্ভাৱন কৰিছে বোকাজানৰ বৰজান হাইস্কুলৰ বিজ্ঞান শিক্ষক ৰাতুল বৰাই ৷ বোকাজান নগৰৰ ২নং ৱার্ডৰ বাসিন্দা তথা বিজ্ঞান শিক্ষক ৰাতুল বৰাই এই দীঘলীয়া লকডাউনৰ সময়ছোৱাত সময়ৰ সৎ ব্যৱহাৰ কৰাৰ লগতে জনসাধাৰণৰ উপকাৰত অহাকৈ কিবা এটা কৰিব পাৰি নেকি, তাৰ ওপৰত চিন্তা–চর্চা কৰি অৱশেষত ক’ভিড–১৯ৰ দৰে মাৰাত্মক ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে এক অভিনৱ কৌশল উদ্ভাৱন কৰে ৷ লক্ষণীয় কথা যে ৰাজহুৱা অনুষ্ঠান–প্রতিষ্ঠান, চিকিৎসালয়, বিত্তীয় প্রতিষ্ঠান, দোকান–পোহাৰ আদিত অসম চৰকাৰৰ দুর্যোগ প্রশমন বিভাগৰ নির্দেশমর্মে হেণ্ড ছেনিটাইজাৰ, পানী, চাবোন আদি ৰখাটো বাধ্যতামূলক ৷ কিন্তু এই চাবোন অথবা পানীৰ নল খুলি ব্যৱহাৰ কৰোঁতে বিভিন্নজনে হাতেৰে চুবলগীয়া হয় ৷ তেনে ক্ষেত্রত যদি নজনাকৈ কোনো ব্যক্তিৰ শৰীৰত ক’ভিড–১৯ৰ দৰে বীজাণু আছে, তেনেহ’লে পানীৰ নল, চাবোন, হেণ্ড ছেনিটাইজাৰৰ বটল আদি স্পর্শ কৰোঁতে তাত মাৰাত্মক বীজাণু থাকি যোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে এনেবোৰ দিশৰ প্রতি লক্ষ্য ৰাখি বিজ্ঞান শিক্ষক বৰাই হাতেৰে স্পর্শ নকৰাকৈ কেনেকৈ ডেটল হেণ্ড ৱাছ আৰু পানী ব্যৱহাৰ কৰি হাত ধুব পাৰি তাৰ ওপৰত চিন্তা–চর্চা কৰি এটা নতুন কৌশল উদ্ভাৱন কৰে ৷ তেওঁ পেলনীয়া সামগ্রীৰে বিশেষকৈ পুতলা পিষ্টল, পুতলা গাড়ী আদিৰ স্প্রীং ব্যৱহাৰ কৰি কেৱল ভৰিৰে গাড়ীৰ এক্সেলেটৰ ব্যৱহাৰ কৰাদি ডেটল হেণ্ড ৱাছ আৰু পানীৰ নল খুলি পানী ব্যৱহাৰৰ জৰিয়তে হাত ধোৱাৰ এক সুন্দৰ কৌশল উদ্ভাৱন কৰে ৷
বিজ্ঞান শিক্ষক বৰাই উদ্ভাৱন কৰা এই অভিনৱ কৌশল অতি ফলপ্রসূ আৰু ক’ৰোনা ভাইৰাছৰ দৰে বীজাণুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এক সুন্দৰ পদ্ধতি বুলিও এতিয়া বিভিন্নজনে মত ব্যক্ত কৰিছে৷ তেওঁ আজি থ্রী–আৰ হেণ্ড ছেনিটাইজাৰৰ এই ব্যৱস্থাটো বোকাজান সমূহীয়া চিকিৎসালয়ৰ অধীক্ষক দণ্ড গগৈৰ হাতত অর্পণ কৰাৰ লগতে চিকিৎসালয়খনৰ চিকিৎসক, নার্ছ, চিকিৎসা কর্মীসকলক তাৰ ব্যৱহাৰ সম্পর্কত অৱগত কৰে৷ উল্লেখ্য যে বৰজান হাইস্কুলৰ বিজ্ঞান শিক্ষক বৰাই ইয়াৰ পূর্বেও আন দুটা অভিনৱ কৌশল উদ্ভাৱন কৰি বিজ্ঞানৰ নতুন চিন্তাৰ শিতানত ছাত্র–ছাত্রীৰ দ্বাৰা প্রদর্শন কৰাই পুৰস্কাৰ লাভ কৰিবলৈও সক্ষম হৈছে৷ এই অভিনৱ উদ্ভাৱন দুটা আছিল গুৱাহাটীৰ দৰে মহানগৰীত হঠাতে কৃত্রিম বানৰ সৃষ্টি হৈ নিশাই মানুহৰ ঘৰত পানী সোমালে ঘৰৰ গিৰিহঁত টোপনিত থকাৰ বাবে পানী সোমোৱাৰ কথা নাজানে৷ কিন্তু বিজ্ঞান শিক্ষকগৰাকীয়ে উদ্ভাৱন কৰা যন্ত্রটো ঘৰৰ মজিয়াত পেলাই ৰাখিলে কৃত্রিম বানপানী সোমোৱাৰ লগে লগে এলার্ম বাজি উঠে আৰু তেতিয়াই ঘৰৰ লোকে পানী সোমাইছে বুলি জানিব পাৰে৷ আনহাতে ছেভ ৱাটাৰৰ বাবেও তেওঁ এটা অভিনৱ যন্ত্র ইতিমধ্যে উদ্ভাৱন কৰিছে৷