নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়াৰ স্বাভিমানক পদাঘাত অ’এনজিচিৰঃ অসম সম্পদৰ ৮ তৈলক্ষেত্র পুঁজিপতিলৈ

নিয়মীয়া বার্তা, ১৭ মেঃ  শিৱসাগৰৰ আমগুৰিত ১৯৬০ চনত প্রথমটো তৈলখাদ স্থাপনেৰে বিশ্ব যাত্রা আৰম্ভ কৰা তেল আৰু প্রকৃতিক গেছ নিগমে (অ’ এন চি জি) অসমীয়াৰ স্বাভিমানক পুনৰ পদাঘাত কৰিলে৷ দেশত ক’ভিড–১৯ৰ আতংকৰ মাজতে অ’ এন জি চিয়ে অসমকে ধৰি দেশৰ মুঠ ৪৯খন প্রান্তীয় তৈল আৰু গেছ ক্ষেত্র ব্যক্তিগত কোম্পানীৰ হাতত সংগোপনে গতাই দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ এক নির্ভৰযোগ্য সূত্রই অ’ এন জি চিৰ এই ভয়ংকৰ ষডযন্ত্র ফাদিল কৰে৷ প্রাপ্ত তথ্য অনুসৰি দেশৰ ১৩খন ‘ঠিকা অঞ্চল’ত তেল আৰু গেছ ক্ষেত্রসমূহ একাধিক ব্যক্তিগত কোম্পানীক প্রদান কৰা হৈছে৷ এই তৈল আৰু গেছ ক্ষেত্রসমূহ অসমৰ লগতে গুজৰাট, তামিলনাডু আৰু অন্ধ্রপ্রদেশত সিঁচৰতি হৈ আছে৷

সূত্রটোৱে দিয়া তথ্য অনুসৰি মুঠ ৬৪খন ক্ষুদ্র–প্রান্তীয় গেছ আৰু তৈলক্ষেত্রৰ নিলাম প্রক্রিয়াত ৪৯খনৰ বাবে ইচ্ছুুক কোম্পানীয়ে আন্তঃৰাষ্ট্রীয় নিবিদা প্রক্রিয়াত অংশগ্রহণ কৰে৷ এই ৪৯খন গেছ আৰু তৈলক্ষেত্রত অন্তর্ভুক্ত হৈ আছে অ’ এন জি চি অসম সম্পদৰ আঠখন তৈলক্ষেত্র৷ যিকেইখন পুঁজিপতি ব্যক্তিগত কোম্পানীসমূহৰ হাতত গতাই দি অত্যধিক উৎপাদনৰ দ্বাৰা লাভৰ পৰিকল্পনা কৰিছে অ’ এন জি চিয়ে৷ অ’ এন জি চি অসম সম্পদৰ ডিমুৱাল, চাংমাই গাঁও, চফ্রাই, সোণাৰি, পানীদিহিং, দিচাংমুখ, দিচাংপানী আৰু নাহৰবাৰী তৈলক্ষেত্রকেইখন আন্তঃৰাষ্ট্রীয় নিবিদাৰ জৰিয়তে ‘দুর্গান্ত অইল এণ্ড গেছ’ আৰু ওড়িশাৰ ‘ষ্টেভ ড’ছ লিমিটেড’ নামৰ কোম্পানী দুটাক গতাই দিয়া বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে এই তৈলক্ষেত্রকেইখনৰ ভিতৰত ডিমুৱাল তৈলক্ষেত্রত বর্তমানেও অ’ এন জি চি অসম সম্পদৰ উৎপাদন অব্যাহত আছে৷ লগতে অসম নৱীকৰণ প্রকল্পৰ (এ আৰ পি) বৃহৎ পুঁজি বিনিয়োগ কৰি ডিমুৱাল তৈলক্ষেত্রত আন্তঃগাঁথনি উন্নয়নৰ লগতে উৎপাদনমুখী বিভিন্ন নির্মাণকার্য অ’ এন জি চি অসম সম্পদে সম্পন্ন কৰিছে৷ আনহাতে দিচাংমুখ আৰু পানীদিহিং তৈলক্ষেত্র দুখন তেল আৰু গেছ উৎপাদনৰ সম্ভাৱনাৰে পৰিপূর্ণ বুলি ইতিমধ্যে অ’ এন জি চিৰ বিভিন্ন অন্বেষণত প্রকাশ পাই আহিছে৷ এতিয়া প্রশ্ণ উঠিছে অসমৰ বিভিন্ন দল–সংগঠনে অ ’এন জি চি অসম সম্পদৰ তৈলক্ষেত্রসমূহ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি বিগত সময়ত অভিযোগ দাখিলৰ লগতে প্রতিবাদ সাব্যস্ত কৰাৰ পাছতো কিয় অ’ এন জি চি ডেৰাডুন কর্তৃপক্ষই লাভজনক এই গেছ আৰু তৈলক্ষেত্রসমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পথ অৱলম্বন কৰিলে৷

অভিযোগ মতে, দিচাংমুখ আৰু পানীদিহিং তৈলক্ষেত্র কেন্দ্রীয় শীর্ষ ৰাজনৈতিক নেতাৰ ওড়িশাস্থিত কোম্পানীক প্রদান কৰা হৈছে৷ যি সময়ত অ’ এন জি চি অসম সম্পদৰ সামাজিক দায়বদ্ধতা শিতানত বিনিয়োগ বন্ধ কৰা বুলি কর্তৃপক্ষই সদৰী কৰিছে, তেনে সময়ত খিলঞ্জীয়া লোক কর্মৰত হৈ থকা উপৰি অসম চৰকাৰে ৰয়েল্টী লাভ কৰি অহা উক্ত ৮খন লাভজনক তৈলক্ষেত্র অ’ এন জি চি কর্তৃপক্ষই ব্যক্তিগত কোম্পানীৰ হাতত গতাই দি অসম আৰু অসমীয়াক ভাতেমৰাৰ ষডযন্ত্র কৰিছে বুলি ব্যাপক চর্চা হৈছে৷ তেনেস্থলত দেশৰ অর্থনীতি থানবান কৰি তোলাৰ সময়তেই দেশৰ লগতে অসম চৰকাৰলৈ বৃহৎ পৰিমাণৰ ৰয়েল্টী প্রদান কৰি অহা অ’ এন জি চিয়ে শিৱসাগৰ জিলাস্থিত আঠখনকৈ লাভজনক তৈলক্ষেত্র পুজিপতি গোষ্ঠীলৈ হস্তান্তৰ কৰাৰ ষডযন্ত্র বিৰুদ্ধে জাতীয় দল–সংগঠনসমূহে কি স্থিতি গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like