নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রৰ নতুন নির্দেশ নহালৈকে বাহাল থাকিব লকডাউনৰ পূর্বৰ নির্দেশনাঃ সোণোৱাল

নিয়মীয়া বাৰ্তা, ১৭ মেঃ সম্ভাব্য বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই জিলাই জিলাই আশ্রয় শিবিৰ, বানপীড়িতৰ বাবে খাদ্য–সামগ্রী, স্বাস্থ্য সেৱা আদিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তসকলক নির্দেশ দিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ এইক্ষেত্রত সংশ্লিষ্ট জিলাৰ এজন জ্যেষ্ঠ বিষয়াক বিশেষভাৱে দায়িত্বভাৰ অর্পণ কৰিবলৈ কোৱা হৈছে৷ তদুপৰি ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা যুঁজত এতিয়ালৈকে অন্তর্ভুক্ত নোহোৱা জিলাসমূহৰ বিভিন্ন বিভাগৰ বিষয়া–কর্মচাৰীসক তালিকা প্রস্তুত কৰি এই দিশত বিশেষ দায়িত্বভাৰ ন্যস্ত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে৷ বানপানীৰ সময়ত যাতে বিদ্যুৎস্পৃষ্টৰ দৰে অবাঞ্ছিত ঘটনা সংঘটিত নহয়, তাৰ বাবে শক্তি বিভাগৰ বিষয়া–কর্মচাৰীসক বিদ্যুৎ লাইনৰ মেৰামতিকে ধৰি অন্যান্য পদক্ষেপ লোৱাৰ বিষয়টো উপায়ুক্তসকলক নিৰীক্ষণ কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷

উল্লেখ্য যে  ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ সৈতে ভিডি’ কনফাৰেঞ্চযোগে ক’ভিড–১৯ৰ বিৰুদ্ধে অব্যাহত থকা পদক্ষেপ আৰু পৰৱর্তী সময়ৰ ব্যৱস্থাসমূহৰ বিষয়ে মুখ্যমন্ত্রী সোণোৱালে পর্যালোচনা কৰে৷ পর্যালোচনা কালত লকডাউন সন্দর্ভত তেওঁ আন এক গুৰুত্বপূর্ণ নির্দেশ দিয়ে৷ তৃতীয় পর্যায়ৰ লকডাউনৰ সময়সীমা কাইলৈ অন্ত পৰিব৷ এনে প্রেক্ষাপটত কেন্দ্রীয় চৰকাৰৰ পৰা নতুন নির্দেশনা নহাপর্যন্ত পূর্বৰ নির্দেশনা বাহাল ৰখাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্রী সোণোৱালে৷ পর্যালোচনা কালত মুখ্যমন্ত্রী সোণোৱালে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা যুদ্ধত সংশ্লিষ্ট জিলাখনৰ স্থানীয় বিধায়ক, সাংসদ আৰু জিলাখনৰ দায়িত্বত থকা মন্ত্রীসকলক লগত লৈ সকলো ব্যৱস্থাপনা নিয়াৰিকৈ কৰাৰ বাবে নির্দেশ দিয়ে৷ তেওঁ কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা যুঁজখন যিহেতু দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে, সেয়েহে এই যুঁজৰ লগতে অর্থনীতি পুনৰুদ্ধাৰৰ বাবে ঐক্যবদ্ধভাৱে দৃঢ়তা আৰু আত্মবিশ্বাসেৰে সকলোৱে সন্মিলিতভাৱে যুঁজ দিব লাগিব৷

ৰাজ্যখনলৈ ৰে’লযোগে অন্য ৰাজ্যত কর্মসূত্রে বা অন্যান্য কাৰণত থকা লোকসকল প্রত্যাৱর্তন কৰিবলৈ আৰম্ভ কৰা হেতু এইক্ষেত্রত স্থানীয় জনসাধাৰণক আস্থাত লৈ তেনে ব্যক্তিসকলক হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ এইক্ষেত্রত গাঁও পর্যায়ৰ তথা খণ্ড পর্যায়ৰ কোৱাৰেণ্টাইন মেনেজমেণ্ট কমিটী গঠনত গাঁও পঞ্চায়তৰ নির্বাচিত প্রতিনিধি, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী, চাহ বাগিচাৰ লাইনৰ চর্দাৰ, স্থানীয় স্বেচ্ছাসেৱী সংগঠন আদিৰ সৈতে আলোচনা কৰি ৰাইজক আস্থা আৰু বিশ্বাসত লৈ পদক্ষেপ গ্রহণৰ বাবে মুখ্যমন্ত্রী সোণোৱালে উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলক নির্দেশ দিয়ে৷ গাঁৱলৈ ঘূৰি অহা লোকক যাতে স্থানীয় ৰাইজে ভালদৰে স্বাগতম জনায়, হোম কোৱাৰেণ্টাইনত থকাসকলক যাতে গাঁৱৰ ৰাইজে ইতিবাচক মানসিকতাৰে সেৱা আগবঢ়ায়, তাৰে বাবে এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে একেলগে আহি বেংকসমূহৰ পৰা টকা উলিওৱাৰ বাবে জুম বন্ধাৰ দিশটো উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে এইক্ষেত্রত বেংকৰ মেনেজাৰসকলৰ সৈতে কথা পাতি প্রয়োজন সাপেক্ষে এন চি চি, এন এছ এছৰ দৰে স্বেচ্ছাসেৱকসকলক নিয়োজিত কৰাৰ ব্যৱস্থা ল’বলৈ জিলা প্রশাসনক নির্দেশ দিয়ে৷

বর্তমানৰ প্রত্যাহ্বান আৰু অধিক কঠিন হৈছে বুলি উল্লেখ কৰি আগন্তুক সময়তো ‘টীম অসম’ৰ মানসিকতাৰে সকলোকে আত্মবিশ্বাস আৰু মনোবল অটুট ৰাখি উৎসর্গিত মনোভাবেৰে সেৱা আগবঢ়োৱাৰ বাবে তেওঁ আহ্বান জনায়৷ আজিৰ ভিডি’ কনফাৰেঞ্চিঙৰ সময়ত জিলাসমূহত থকা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে নিজৰ সম্পূর্ণ সামর্থ্য অনুযায়ী যাতে জনসাধাৰণলৈ চিকিৎসা সেৱা আগবঢ়ায়, সেয়া নিশ্চিতিকল্পে ব্যক্তিগত খণ্ডৰ চিকিৎসা প্রতিষ্ঠানসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি জিলা উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক কার্যব্যৱস্থা লোৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা বিভিন্ন ক্ষেত্রত প্রয়োজনীয় ডাটা এণ্ড্রী অপাৰেটেৰ, লেবৰেটৰী টেকনিচিয়ান আদিৰ দৰে পদবীত ঠিকাভিত্তিক নিযুক্তিৰ অনুমতি প্রদান কৰা হেতু এই দিশত শীঘ্রে ব্যৱস্থা লোৱাৰ বাবেও তেওঁ নির্দেশ দিয়ে৷ তেওঁ লগতে আৰক্ষী অধীক্ষকসকলক নিজৰ এলেকাৰ গাঁওৰক্ষী বাহিনীসমূহৰ সৈতে সঘনাই যোগাযোগ ৰক্ষা কৰি ক’ভিড–১৯ৰ বিৰুদ্ধে চলোৱা যুঁজখনত তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ বাবেও আহ্বান জনায়৷ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক তেওঁলোকৰ তলত কাম কৰি থকা ক্ষেত্র পর্যায়ৰ বিষয়া–কর্মচাৰীসক অনুপ্রাণিত কৰাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিয়ে, যাতে তেওঁলোকৰ মনোবল সদায়ে অটুট থাকে৷ ৰাজ্যখনৰ চাহ উদ্যোগকে ধৰি প্রায় ১ লাখ অতি ক্ষুদ্র, ক্ষুদ্র আৰু মজলীয়া উদ্যোগৰ কাম–কাজ আৰম্ভ হৈছে বুলি উল্লেখ কৰি তেওঁ সকলো অর্থনৈতিক কাম–কাজ স্বাস্থ্যসন্মত বিধি–ব্যৱস্থা বাহাল ৰাখি জিলাসমূহত পূর্ণোদ্যমে আৰম্ভ কৰাৰ পদক্ষেপ ল’বলৈ জিলা প্রশাসনক নির্দেশ দিয়ে৷ চতুর্দশ বিত্ত আয়োগৰ অধীনৰ কাম–কাজ তথা হিতাধিকাৰীসকলৰ বিভিন্ন আঁচনিৰ কাম যাতে নিয়মীয়া আৰু অবিৰতভাৱে চলি থাকে, সেই দিশত উপযুক্ত পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে একেদৰে জিলাসমূহত কৃষিকার্য, মীনপালন ইত্যাদিৰ দৰে কাম–কাজ যাতে নিয়মীয়াকৈ চলি থাকে, তাৰ বাবে পদক্ষেপ লোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷ আফ্রিকান ছোৱাইন ফিভাৰৰ দ্বাৰা ৰাজ্যখনৰ বহুকেইখন জিলাৰ গাহৰি আক্রান্ত হোৱাৰ পৰিপ্রেক্ষিতত গাহৰিপালকসকলক আস্থাত ৰাখি ভাৰত চৰকাৰে প্রদান কৰা নির্দেশনা পালন কৰাৰ বাবে কয় মুখ্যমন্ত্রী সোণোৱালে৷

বর্তমানৰ ঋতু বৃক্ষৰোপণৰ বাবে অনুকূল বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্তসকলক সংশ্লিষ্ট জিলাৰ বন বিষয়া, বৃক্ষৰোপণৰ লগত জডিত স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ব্যাপক বৃক্ষৰোপণৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে৷ মত বিনিময়ৰ সময়ত মুখ্যমন্ত্রী সোণোৱালে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ্ অধ্যক্ষসকলক চিকিৎসা মহাবিদ্যালয়সমূহৰ্ চিকিৎসক, নার্ছকে ধৰি অন্যান্য কর্মচাৰীসকলে আগবঢ়াই অহা নিষ্ঠা, দায়বদ্ধ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি আগন্তুক সময়ৰ প্রত্যাহ্বান ভালদৰে মোকাবিলা কৰাৰ দিশত চিকিৎসক তথা অন্যান্য কর্মচাৰীসকলৰ মনোবল বৃদ্ধিৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ আজিৰ এই ভিডি’ কনফাৰেঞ্চিঙৰ সময়ত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামী, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, স্বাস্থ্য আৰু বিত্ত বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (আইন–শৃংখলা) জি পি সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন উপস্থিত থাকে৷

You might also like