জম্মু–কাশ্মীৰত লস্কৰ–ই তৈবাৰ ৫ সন্ত্রাসবাদীক গ্রেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১৭ মেঃ জম্মু–কাশ্মীৰ আৰক্ষীয়ে আজি এক গোপন অভিযান চলাই লুকাই থকা অৱস্থাত পাঁচটাকৈ লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ বুদগাম জিলাত আৰক্ষীয়ে ৫৩ ৰাজপুতনা ৰাইফল আৰু চিআৰপিএফৰ ১৫৩ বেটেলিয়নৰ সৈতে যুটীয়া অভিযান চলাই বুদগামৰ আৰিজাল খানছাইব জিলাৰ পৰা জাহৰ ৱানি নামৰ এজন সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰাৰ পাছত লুকাই থকা অৱস্থাত আন চাৰিজন সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷
এই সন্ত্রাসবাদীকেইজনৰ্ পৰা আৰক্ষীয়ে বিভিন্ন আপত্তিজনক নথি–পত্র আৰু অস্ত্র–শস্ত্র, বিস্ফোৰক উদ্ধাৰ কৰে৷ উল্লেখ্য যে জাহৰ ৱানি লস্কৰ–ই–তৈবাৰ নেতা ইউছুফ কোৱাণ্ড্রৰ সৈতে জড়িত৷ গ্রেপ্তাৰ কৰা আনকেইজন সন্ত্রাসবাদী হ’ল ইউনিছ মীৰ, আছলাম শ্বেখ, পাৰভিছ শ্বেখ আৰু ৰেহমান ল’ন৷