নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ চিকিৎসাৰ বাবে গৈ COVID-19ত প্ৰাণ হেৰুৱালে স্বামীয়ে

নিয়মীয়া বাৰ্তা, ১৭ মেঃ কৰ্কট ৰোগী পত্নীৰ চিকিৎসাৰ বাবে গৈ দিল্লীত প্ৰাণ হেৰুৱালে বোকাখাতৰ অজিত শইকীয়া নামৰ লোকজনে। ১০ মাৰ্চত দিল্লীলৈ গৈছিল পতি-পত্নীসহ এজন যুৱক। চিকিৎসাধীন অৱস্থাতেই COVID-19ত আক্ৰান্ত হৈছিল তিনিওগৰাকী লোক আৰু তাৰ পিছতে তিনিও ভৰ্তি হৈছিল এখন হাস্পতালত। শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ বাবে প্লাজমা থেৰাপিৰে চিকিৎসা কৰিছিল অজিত শইকীয়াক। কিন্তু পত্নীসহ যুৱকজন সুস্থ হৈ উঠাৰ বিপৰীতে স্বাস্থ্যৰ অবনতি ঘটিছিল লোকজনৰ। অৱশেষত ৫দিন পূৰ্বেই মৃত্য়ুক সাৱতিলে অজিত শইকীয়াই। মৃত্যু ৫দিনৰ পাছতহে খৱৰ আহিল বোকাখাতলৈ। এক শোকাকুল পৰিবেশে বিৰাজ কৰিছে অঞ্চলটোত।

You might also like