নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একাংশ সংবাদমাধ্যমলৈ কি আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

নিয়মীয়া বাৰ্তা, ১৭ মেঃ একাংশ সংবাদ মাধ্যমলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধ। এই সংকটৰ সময়ত চিকিৎসক-নাৰ্চ তথা স্বাস্থ্যকৰ্মীসকলক লৈ কোনোধৰণৰ নেতিবাচক বাতৰি পৰিবেশন নকৰিব। এই সময়ত ভগৱানৰ দৰে কাম কৰি আছে তেওঁলোকে, গতিকে তেওঁলোকৰ মনোবল হ্ৰাস কৰাৰ বাতৰি পৰিবেশন নকৰিবলৈ আহ্বান জনালে মন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে কয় যে কৰ্মক্ষেত্ৰলৈ যদি তেওঁলোক নাহে তেন্তে মন্ত্ৰী বিধায়কে একো কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে একাংশ সংবাদমাধ্যমত তথা ছচিয়েল মিডিয়াত চিকিৎসক-নাৰ্চ তথা স্বাস্থ্যকৰ্মীকলক লৈ কিছু নেতিবাচক বাতৰি চৰ্চিত হৈছে। অগ্ৰণী যোদ্ধা হিচাপে কাম কৰি থকা প্ৰতিজন চিকিৎসক-নাৰ্চ তথা স্বাস্থ্যকৰ্মীক সন্মান প্ৰদৰ্শন কৰিবলৈ ভাৰত চৰকাৰেও আহ্বান জনাইছে। গতিকে নেতিবাচক বাতৰি প্ৰচাৰ নকৰি প্ৰতিক্ষণত সাহস দিব লাগে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলক বুলিও মন্তব্য় কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

You might also like