নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মঙলদৈৰ শয্যাগত যুৱকক ১৩ বছৰে ঔষধ যোগান বিধায়কৰ

নিয়মীয়া বার্তা, ১৮ মেঃ  লকডাউনৰ সময়তে শয্যাগত সন্তানক প্রয়োজনীয় ঔষধ যোগান ধৰ্বি নোৱাৰি দিকবিদিক হেৰুওৱা এগৰাকী দ্ধাৰ ওচৰত থিয় দি মানৱীয় দায়িত্ব প্রদর্শন কৰিলে মঙলদৈৰ বিজেপি বিধায়ক গুৰুজ্যোতি দাসে৷

উল্লেখ্য যে দুজনীয়া পৰিয়ালটোৰ পুত্র শয্যাগত আৰু মাতৃ অলৰ দ্ধ, ডাঁহী নগাঁৱৰ তালিপাৰা গাঁৱৰ যুৱক ধনমণি ডেকাৰ ১৩ ছৰ পূৰ্বে ভুল চিকিৎসাৰ বাবে দুয়োখন ভৰি অচল হৈ পৰে৷ ঘৰৰ ভেটিটোত বাদে সকলো বিক্রী কৰি চেন্নাই, বাংগালোৰত চিকিৎসা চলিল যদিও সফল নহ’ল পৰিয়ালটো৷ উঠা–বহা দূৰৈৰ কথা, অচলপ্রায় শৰীৰটো শয্যাগত হৈ পৰে৷ কিন্তু এনে পৰিস্থিতিৰ মাজতো মনোবল আৰু জীৱনৰ প্রত্যাহ্বান গ্রহণ কৰি ধনমণি সাধাৰণ যুৱকৰ মাজতো হৈ পৰে অসাধাৰণ৷ একেদৰে দ্ধা মাতৃয়ে সন্তানৰ এনে দুর্ভাগ্যতো হাঁহি–মাতি সহজ কৰি তুলিছে জীৱন সংগ্রাম৷ পিছে, লকডাউনৰ বাবে যুৱকজনৰ ঔষধৰ অভাৱ ঘটে৷ গুৱাহাটীৰ পৰা আনিব লগীয়া ঔষধ অনাটো অসম্ভৱ হৈ পৰে আৰু নিঃসহায় হৈ পৰে৷ কেইবাদিনো বিষ-বেদনাত ভুগিব লগা হয়৷ কিন্তু মঙলদৈৰবিধায়কৰ বিষয়টো হঠাৎ দৃষ্টিগোচৰ হোৱাত নিজেই যোগাযোগ কৰি ধনমণিৰ হাতত পশ্চিম মঙলদৈ মণ্ডল যুৱমর্চাৰ সাধাৰণ সম্পাদক বিতোপন ডেকাৰ যোগেদি প্রেৰণ কৰে জীৱনদায়িনী দৰব৷ উল্লেখনীয় যে ইয়াৰ পূৰ্বেও ধনমণিৰ ঘৰত বিধায়ক দাস উপস্থিত হৈ ধনমণিৰ জৰাজীর্ণ ঘৰটো প্রত্যক্ষ কৰি এটি চৰকাৰী গৃহৰ দিহা কৰি দিয়ে আৰু ঘৰটোতে জীৱন নিৰ্বাহ কৰি আছে ধনমণি ডেকাসহ দৰিদ্র পৰিয়ালটো৷ সম্প্রতি ধনমণিয়ে মঙলদৈৰ বিধায়ক  জীৱন দান কৰা লি কৃতজ্ঞতা জনাই বিগত ১৩ ছৰে মঙলদৈৰ কোনো জনপ্রতিনিধি এনেদৰে আগ্বাঢ়ি অহা নাই লি মন্তব্য কৰে৷

You might also like