চাপৰমুখ জংচনত নামিল নগাঁও সহ চাৰি জিলাৰ ২২৩ জন বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক-যাত্ৰী
ডিমৌ কেন্দ্ৰত চৈধ্যজনক কোৱাৰন্টাইন
নিয়মীয়া বাৰ্তা ১৮মেঃদেশজুৰি চলি থকা মহামাৰী ক’ৰোনা ভাইৰাছৰ সন্ত্ৰাস প্ৰতিৰোধ কৰিবলৈ বিগত ২৪ মাৰ্চৰ পৰা ঘোষণা কৰা দেশজুৰি লক্ ডাউনৰ পাছত দেশৰ বিভিন্ন ৰাজ্যতৰ আবদ্ধহৈ থকা শ্ৰমিক তথা যাত্ৰী সকলক অসমলৈ ঘূৰাই আনিবলৈ গ্ৰহণ কৰা পদক্ষেপ মৰ্মে দেওবাৰে পুৱা প্ৰায় পাঁচ বজাত চাপৰমুখ ৰেল জংচনত উপস্থিত হয় কইম্বাটোৰ-ডিব্ৰুগড় বিশেষ শ্ৰমিক ৰেল। উক্ত ৰেলৰ পৰা চাপৰমুখ ৰেলৱে জংচনত নামিল ২২৩ জনকৈ যাত্ৰী ৷ ইয়াৰে নগাওঁ জিলাৰ ১৭৩ জন, মৰিগাৱঁৰ ৮ জন, হোজাইৰ ২৫ জন, পশ্চিম কাৰ্বি আংলঙৰ ২ জন আৰু কাৰ্বি আংলঙৰ ১৫ জন যাত্ৰী আছে বুলি জানিব পৰা গৈছে । নগাঁও জিলা প্ৰশাসনে যাত্ৰী সকলক জংচনতে স্কেনিং কৰাৰ পিছত সকলোকে নিজ নিজ জিলা প্ৰশাসনৰ প্ৰশাসনীয় বিষয়া সকলে জিম্মাত লৈ জিলা কোৱাৰেণ্টাইন কেম্প সমূহলৈ প্ৰেৰণ কৰা হয় । নগাঁও জিলা প্ৰশাসনৰ হৈ উক্ত যাত্ৰী সকলৰ যাতায়তৰ সকলো তদাৰক কৰে অতিৰিক্ত উপায়ুক্ত লাচিত দাসে। অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে প্ৰতি জিলা প্ৰশাসনে নিজ নিজ জিলাৰ যাত্ৰী সকলক জিম্মাত লৈ যোৱাৰ পাছত নগাঁও জিলাৰ যাত্ৰী সকলৰ বাবে জিলাৰ বিভিন্ন চক্ৰত স্থাপন কৰা কোৱাৰান্টেইন কেন্দ্ৰ সমূহত ৰাখিবলৈ ব্যৱস্থা কৰা হৈছে। যাত্ৰীসকল বৰ্তমানলৈ সুস্থ হৈ আছে যদিও পাঁচদিন কোৱাৰেন্টাইনত থকাৰ সময়ত সকলোৰে যাৱতীয় পৰীক্ষাৰ পাছত যদিহে ফলাফলত কোনো কোভিদ পজিটিভ নহয় বুলি স্বাস্থ্য বিভাগে ঘোষণা কৰে তেতিয়াহে ঘৰলৈ পঠিয়াই নিয়ম অনুসৰি হোম কোৱাৰেইন্টাইন কৰা হ’ব বুলি উল্লেখ কৰে। লগতে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জনোৱা এক তথ্য অনুসৰি নগাঁও জিলালৈ প্ৰায় ১৫ হাজাৰ বহিঃৰাজ্যত কৰ্মৰত বা থকা লোকে আহিবলৈ বিছাৰি মিছকল দিছিল।ইয়াৰ ভিতৰত পৰ্যায় ক্ৰমে বিশেষ ৰেলযোগে তেঁওলোকক অনাৰ ব্যৱস্থা চৰকাৰে কৰিছে বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, ৰহাৰ স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসে শ্ৰমিক তথা যাত্ৰীসকলক কোৱাৰেইন্টাইন কৰিবলৈ ৰহাৰ কেইবাটাও স্থান সাজু কৰি সকলোবোৰ দিশ পৰ্যবেক্ষেণ কৰিছে। তদুপৰি ৰহা ৰাজহ চক্ৰ বিষয়া প্ৰিয়ংকা বনিয়া, জিলা আৰক্ষী অধীক্ষক অভিজিত গৌৰব, অতিৰিক্ত আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা , ৰহা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাস, চাপৰমুখ আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়া বিপুল শৰণীয়া আদি জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনৰ বিষয়া সকল উপস্থিত থাকে । শেহতীয়াকৈ জানিব পৰা মতে ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ডিমৌ কেন্দ্ৰত চৈধ্যজন লোকক কোৱাৰেন্টাইন কৰিছে জিলা প্ৰশাসনে।