নিয়মীয়া বাৰ্তা, ১৮ মেঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ হটস্পটত পৰিণত হোৱা ৰাজধানী চহৰ গুৱাহাটীত ক্রমাৎ বৃদ্ধি পাইছে কণ্টেইনমেণ্ট জ’ন৷ নতুন ৰোগী চিনাক্ত হোৱাৰ লগে লগে মাৰাত্মক ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে জিলা প্রশাসনে ঘোষণা কৰিছে নতুন কণ্টেইনমেণ্ট জ’ন৷ আজি পুনৰ নতুনকৈ মহানগৰীত তিনিটা অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে৷ ইয়াৰ লগে লগে মহানগৰীত কণ্টেইনমেণ্ট জ’নৰ সংখ্যা ১৪টালৈ বৃদ্ধি পালে৷ অৱশ্যে ইয়াৰে কেইবাটাও কণ্টেইনমেণ্ট জ’ন নির্দিষ্ট বিধি অনুসৰি ছেনিটাইজ কৰাৰ পিছত পুনৰ মুকলি কৰা হৈছে৷
মহানগৰীৰ ভাৰাঘৰত বাস কৰা এগৰাকী ত্রিপুৰাৰ যুৱতী ক’ৰোনা পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত ৰুক্মিণীগাঁৱৰ এটা নির্দিষ্ট অঞ্চল দেওবাৰে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হয়৷ ৰুক্মিণীগাঁৱৰ উত্তৰে বিমল অটোৰ নেক্সাৰ শ্ব’ৰুম, দক্ষিণে এছ কে বৰুৱা ৰোডৰ ২নং উপপথৰ ট্রাই জাংচন, পূবে মনসা মন্দিৰ পথ আৰু পশ্চিমে সীতাংশু শেখৰ দে’ৰ বাসগৃহক সামৰি কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷
উল্লেখ্য যে এছ কে বৰুৱা পথৰ ২নং উপপথত ত্রিপুৰাৰ যুৱতীগৰাকীয়ে বাস কৰিছিল৷ ছিয়াৰী দেববার্মা নামৰ যুৱতীগৰাকীয়ে যোৱা ১৩ মে’ত আইএছবিটিৰ পৰা এখন বাছযোগে ত্রিপুৰালৈ ৰাওনা হৈছিল৷ কৰিমগঞ্জৰ ছুৰাইবাৰী সীমান্তৰে তেওঁ ত্রিপুৰাত প্রৱেশ কৰিছিল আৰু ইয়াতেই তেওঁৰ পৰীক্ষাত ক’ভিড–১৯ পজিটিভ হিচাপে ধৰা পৰে৷ ইয়াৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে ত্রিপুৰা চৰকাৰৰ সৈতে কথা–বতৰা পতাত যুৱতীগৰাকী মহানগৰীৰ ৰুক্মিণীগাঁৱৰ উক্ত এলেকাটোত বাস কৰে বুলি জানিব পাৰে৷ লগে লগে এই অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাৰ লগতে ছেনিটাইজ কৰাৰ ব্যৱস্থা গ্রহণ কৰিছে জিলা প্রশাসনে৷
প্রাপ্ত তথ্য অনুসৰি, উক্ত ভাৰাঘৰটোত দেববার্মা আন চাৰি–পাঁচগৰাকী যুৱতীৰ সৈতে একেলগে বাস কৰিছিল৷ সেয়েহে যুৱতীগৰাকীৰ সংস্পর্শলৈ অহা লোকসকলৰ ছোৱাবৰ নমুনা সংগ্রহ কৰিব স্বাস্থ্য বিভাগে৷ অৱশ্যে ত্রিপুৰালৈ ৰাওনা হোৱাৰ সময়ত বাছত এই যুৱতীগৰাকী ক’ভিড–১৯ত আক্রান্ত হোৱা বুলি আশংকা কৰা হৈছে৷ আক্রান্ত যুৱতীগৰাকী মহানগৰীৰ এখন ব্যক্তিগত শিক্ষা প্রতিষ্ঠানত ৰেডি’লজীৰ ডিপ্ল’মা পাঠ্যক্রমত অধ্যয়নৰত৷ ইফালে, মহানগৰীৰ কটাহবাৰী অঞ্চলত বাস কৰা ইন্দ্র নমঃশূদ্র নামৰ আন এজন ত্রিপুৰাৰ যুৱক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰ পিছতে জিলা প্রশাসনে কটাহবাৰীৰ এক নির্দিষ্ট অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ কটাহবাৰীৰ উত্তৰে নতুনবস্তি গান্ধী পথ, দক্ষিণে এ আৱালৰ বাসগৃহৰ সৈতে সংলগ্ণ পথ, পূবে মৰাভৰলু আৰু ড০ ভূপেন হাজৰিকা পথ তথা পশ্চিমে আব্দুল কালাম আজাদৰ বাসগৃহ আৰু প্রাগজ্যোতিষ ইংলিছ হাইস্কুলৰ সংলগ্ণ পথক সামৰি এই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷
এই অঞ্চলটোত ত্রিপুৰাৰ মুঠ ১৬জন যুৱক ভাৰাতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে৷ তেওঁলোক প্রসাধন সামগ্রীৰ ব্যৱসায়ৰ সৈতে জড়িত৷ ত্রিপুৰাৰ আক্রান্ত যুৱতীগৰাকীৰ সৈতে একেখন বাছতে এই যুৱককেইজনো ৰাওনা হৈছিল নিজ বাসগৃহলৈ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে গুৱাহাটীত মনীষ তিব্রেৱাল নামৰ এগৰাকী ব্যৱসায়ী ক’ভিড–১৯ত আক্রান্ত প্রথমজন ৰোগী হিচাপে চিনাক্ত হয়৷ লগে লগে সেই সময়ত মহানগৰীৰ স্পেনিছ গার্ডেন কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল প্রশাসনে৷ ইতিমধ্যে যাৱতীয় পৰীক্ষাৰ অন্তত স্পেনিছ গার্ডেনৰ কণ্টেইনমেণ্ট জ’ন প্রত্যাহাৰ কৰা হৈছে৷
আনহাতে, দিল্লীৰ নিজামুদ্দিন মার্কাজৰ পৰা উভতি আহি একাংশ জামাতীয়ে নিশা কটোৱা আঠগাঁও কবৰস্থানো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছিল৷ এই অঞ্চলো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে৷ মহানগৰীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ১নং আৰু ৫নং হোষ্টেল, দন্ত মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেল, ফাঁচীবজাৰ, কুমাৰপাৰা, ফটাশিল আমবাৰী, শান্তিপুৰ, চানমাৰিৰ অমিয় নগৰ, বি বৰুৱা কর্কট প্রতিষ্ঠানৰ আৱাসিক এলেকা, পাণবজাৰ ৰে’লৱে কলনীকো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷