নিয়মীয়া বাৰ্তা, ১৮ মেঃ ক’ভিড–১৯ যুঁজ অব্যাহত থকাৰ সময়তে তিনিশতকৈ অধিক নার্ছে চাকৰি ত্যাগ কৰাৰ ফলত সংকটত পৰিছে পশ্চিমবংগৰ স্বাস্থ্য খণ্ড৷ তথ্য মতে, উত্তৰ–পূবৰ ৰাজ্য মণিপুৰ, ত্রিপুৰাকে ধৰি দেশৰ বিভিন্ন প্রান্তৰ তিনি শতাধিক নার্ছে কলকাতাৰ ব্যক্তিগত চিকিৎসালয়ত কর্মৰত হৈ আছিল৷ কিন্তু ক’ভিড–১৯ যুঁজ চলি থকাৰ মাজতে উল্লিখিত নার্ছসকলে চাকৰি ত্যাগ কৰাক লৈ সংকটত পৰিছে হাস্পতালসমূহ৷ এই সন্দর্ভত ৰাজ্যখনৰ মুখ্য সচিব ৰাজীৱ সিংহাৰ হস্তক্ষেপ বিচাৰি পত্র প্রেৰণ কৰিছে এছ’চিয়েচন অৱ হাস্পতাল অৱ ইষ্টার্ন ইণ্ডিয়াই৷
চাকৰি এৰা নার্ছৰ ভিতৰত মণিপুৰৰ–৯২, ত্রিপুৰাৰ–৪৩, ওড়িশাৰ–৩২, ঝাৰখণ্ডৰ–২৷ গুৰুত্বপূর্ণ বিগত সপ্তাহতো ১৮৫গৰাকী মণিপুৰৰ নার্ছে চাকৰি এৰিছিল৷ কি কাৰণত কলকাতাত নার্ছসকলে চাকৰি এৰিলে, সেই সন্দর্ভত বিতং তথ্য কর্তৃপক্ষই প্রকাশ কৰা নাই যদিও চর্চা মতে নিজ নিজ ৰাজ্যত নার্ছক লোভনীয় দৰমহা প্রদান কৰাৰ বাবেই চাকৰি এৰি গৃহমুখী হৈছে৷
উল্লেখ্য যে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে ফেচবুকত মণিপুৰৰ চাকৰি ত্যাগী নার্ছক দৰমহা প্রদান কৰা বিষয়টো অস্বীকাৰ কৰিছে৷