নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চতিয়াত কোৱাৰেণ্টাইন চেণ্টাৰ নিৰ্মাণৰ কাম পৰ্যবেক্ষণ বিধায়ক পদ্ম হাজৰিকাৰ

ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ লকডাউন । এফালে লকডাউন আনফালে ৰাজ্যচৰকাৰৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান । কাৰণ এই লকডাউনৰ সময়ছোৱাত বহিঃ ৰাজ্যৰ পৰা গৃহমুখি হৈছে লকডাউনৰ ফলত আবদ্ধ হৈ পৰা লোকসকল ।

চতিয়া সমষ্টিত বহি:ৰাজ্যৰপৰা নিজ গৃহলৈ আহিব বিচৰা যুৱক যুৱতীসকলক ৰাখিবৰ বাবে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, বাৰেচহৰীয়া সামূহিক ভৱন আৰু চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰা হ’ব ।

আজি এই স্থাপন হ’বলগীয়া কোৱাৰেণ্টাইন চেণ্টাৰসমূহৰ স্থান পৰিদৰ্শন কৰে সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই ।

বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে- “এই কোৱাৰেন্টাইন চেন্টাৰ সমূহ গুণগত মানদণ্ডৰ হ’ব লাগিব আৰু এই প্ৰস্তুতি কম সময়ত সম্পূৰ্ণ কৰিব লাগিব যাতে কোৱাৰেন্টাইনত থাকিব লগা সকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয় । নিজৰ মানুহখিনিয়ে আপোন ঠাইখনত যাতে কোনোধৰণৰ অৱহেলা বা অসুবিধাৰ সন্মূখীন নহয় তাৰ বাবে গোটেই বিষয়টো আমি নিজে তদাৰক কৰিছো ।”
লগতে কোৱাৰেন্টাইন চেণ্টাৰ প্ৰস্তুতিত আমি আমাৰ স্থানীয় লোক সকলক নিয়োজিত কৰিছোঁ । নিজৰ মানুহে আপোন জনৰ বাবে কৰা প্ৰস্তুতি গুণগত মানৰ হব এইয়া আমাৰ বিশ্বাস বুলি বিধায়ক পদ্ম হাজৰিকাই মন্তব্য কৰে ।

You might also like