নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰঙি পঞ্চায়তত বিভিন্ন আঁচনি ৰূপায়ণত কেলেংকাৰি

গোলাঘাট জিলাৰ মৰঙি খণ্ড উন্নয়ন বিষয়া কার্যালয়ৰ অন্তর্গত মৰঙি গাঁও পঞ্চায়ত কার্যালয়ত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ পঞ্চায়ত কার্যালয়টোত আজি দুপৰীয়া শ শ দৰিদ্র লোক আহি পঞ্চায়ত সচিব আনন্দ ৰাক ঘেৰাও কৰি জ্বাবদিহি কৰে৷ ছৰৰ পিছত ছৰ ধৰি দৰিদ্র লোকসকল বিভিন্ন আঁচনিৰ সুিবধাৰ পৰা ঞ্চিত হৈ আহিছে৷ দৰিদ্র হিতাধিকাৰীৰ বাবে অহা আঁচনিৰ সুবিধাসমূহ পঞ্চায়ত সচ্বি আৰু পঞ্চায়ত প্রতিনিধিয়ে লুটি–পুতি নিজৰ পকেট গৰম কৰা লি অভিযোগ উত্থাপন কৰিছে৷

বিশেষকৈ শেষকৈ এম এনৰেগা, চতুর্দশ বিত্তীয় আয়োগৰ আঁচনিত ব্যাপক লুণ্ঠন কৰাৰ অভিযোগ কৰিছে৷ কার্যালয়ৰ ভিতৰে–বাহিৰে শ শ ঞ্চিত হিতাধিকাৰী উপস্থিত হৈ পঞ্চায়ত সচ্বি আৰু সভাপতিৰ বিৰুদ্ধে তীব্র প্রত্বিাদ সাব্যস্ত কৰে৷ এম এনৰেগাৰ জ্বকার্ড হ’ল্ডাৰে কাম কৰাৰ পিছতো মজুৰি লাভ কৰা নাই আৰু বিপৰীতে একাংশ কাম নকৰা লোকক হাজাৰ হাজাৰ টকা মজুৰি প্রদান কৰাত খর্গহস্ত হৈ পৰে ঞ্চিতসকল৷

আনহাতে, পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাৰ সময়তে সুযোগ জি সচ্বিজনে পলায়ন কৰে৷ এইসকল দুর্নীতিগ্রস্ত পঞ্চায়ত সচিব আৰু প্রতিনিধিৰ িবৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰ্বিৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগক দাবী জনাইছে৷

You might also like