নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক শিলাদিত্য দেৱৰ ওচৰত থকা তথ্য ৰাজহুৱা কৰকঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ১৯ মে’: বিজেপিৰ এজন শীর্ষনেতাই ছিণ্ডিকেট চলোৱা বুলি শেহতীয়াকৈ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷

 সোমবাৰে এই সন্দর্ভত সভাপতি দাসে কয়– কোনোবা বিধায়কৰ ওচৰত যদি ছিণ্ডিকেটৰ কোনো তথ্য আছে তেন্তে মুখ্যমন্ত্রীক লিখিতভাৱে অৱগত কৰক৷ দলৰ সভাপতিৰূপে মোক অৱগত কৰক আৰু তথ্যসহকাৰে আৰক্ষীৰ ওচৰত এজাহাৰ দিয়ক৷ তথ্যৰ ওপৰত চৰকাৰে ব্যৱস্থা ল’ব৷ আনহাতে বিধায়ক শিলাদিত্য দেৱৰ অভিযোগ সন্দর্ভত কালি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি শীর্ষ নেতাসকলে বিষয়টো আলোচনা কৰা বুলিও অৱগত কৰে সভাপতি দাসে৷ এইক্ষেত্রত বিধায়কজনৰ সৈতে আলোচনা কৰিবলৈ দলৰ সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াক দায়িত্ব দিয়া হৈছে বুলিও জানিবলৈ দিয়ে৷ ৰঞ্জিত দাসৰ মন্তব্য– শিলাদিত্য দেৱৰ ওচৰত যদি কোনো তথ্য আছে তাক ৰাজহুৱা কৰক৷

You might also like