নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭ দিনত বহিঃৰাজ্যফেৰৎ শ্রমিকে পাব জব কার্ড

নিয়মীয়া বাৰ্তা, ১৯ মে’:  লকডাউনৰ পৰিপ্রেক্ষিতত কর্মহীন হৈ বহিঃৰাজ্যৰ পৰা উভতি অহা শ্রমিকসকলক নিয়োজিত কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ এই শ্রমিকসকলক অহা ৭ দিনৰ ভিতৰত জবকার্ড প্রদান কৰি কামত নিয়োজিত কৰাৰ নির্দেশ দিছে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে৷

 গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্রী নৱ দলেই কয়– ‘বহিঃৰাজ্যৰ পৰা উভতি আহি কর্মহীন হৈ পৰা লোকসকলৰ তালিকা প্রস্তুত কৰা হ’ব৷ এই তালিকাত বহিঃৰাজ্যত থকাৰ সময়ত কোন ব্যক্তিয়ে কি কাম কৰিছিল, তাৰ সবিশেষ তথ্য সন্নিৱিষ্ট কৰা হ’ব৷ ইয়াৰ জৰিয়তে কোনখন পঞ্চায়ত কিমানজন ব্যক্তি আছে আৰু তেওঁলোকৰ পাৰদর্শিতাৰ বিষয়ে আমি অৱগত হ’ম৷ ইয়াৰ ভিত্তিত তেওঁলোকক মজুৰি ভিত্তিত কর্মসংস্থাপন দিবলৈ চেষ্টা কৰা হ’ব৷ প্রয়োজনসাপেক্ষে এই কর্মহীন লোকসকলক প্রশিক্ষণ দিয়া হ’ব৷ পিএমএৱাইজিৰ অধীনত বৃহৎসংখ্যক আৱাস নির্মাণ অব্যাহত আছে৷ ইয়াৰ বাবে দক্ষতাসম্পন্ন শ্রমিকৰ যথেষ্ট প্রয়োজনীয়তা আছে৷ এই লোকসকলক প্রশিক্ষণ দিলে এনে বিভিন্ন কামত নিয়োজিত কৰিব পৰা যাব৷’

ইপিনে, কর্মহীন এই লোকসকলক সংস্থাপনৰ বাবে প্রতিখন গাঁও পঞ্চায়তকে পর্যাপ্ত আঁচনিৰ অনুমোদন কৰিবলৈ নির্দেশ দিয়া হৈছে বুলি তেওঁ কয় যে ৰাজ্যৰ প্রতিগৰাকী বিধায়কে নিজৰ নিজৰ সমষ্টিৰ এই লোকসকলক এনৰেগাৰ মাধ্যমেৰে জীৱিকা অর্জন কৰিবলৈ উৎসাহ যোগাব পাৰে৷ ইতিমধ্যে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে জিলাই জিলাই পর্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে৷ এই আঁচনিৰ অধীনত প্রতিদিনেই কাম কৰাৰ ক্ষেত্রত মজুৰি ২১৩ টকালৈ বৃদ্ধি কৰা হৈছে৷ গ্রামাঞ্চলৰ বহু লোক কাম কৰিবলৈ ওলাই আহিবলৈ সংকোচ কৰে৷ সেয়েহে দলীয়ভাৱে একগোট হৈ এই আঁচনিৰ সুবিধা ল’বৰ বাবে সজাগতা সৃষ্টি কৰা হ’ব৷

ইতিমধ্যে ৯৯ শতাংশ শ্রমিকে মজুৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ কয়– ‘যোৱা ২৪ এপ্রিলৰ পৰা বর্তমানলৈ ২৮.৪০ কোটি টকা মজুৰি আদায় দিয়া হৈছে৷ এই আঁচনিৰ ৰূপায়ণ অধিক স্বচ্ছ কৰিবলৈ জবকার্ডসমূহৰ পৰীক্ষণ আৰু হিতাধিকাৰীৰ একাউণ্ট পৰীক্ষণ ১০ দিনৰ ভিতৰত সমাপ্ত কৰিবলৈ নির্দেশ দিয়া হৈছে৷ এনৰেগাৰ মাধ্যমেৰে অসমৰ গ্রাম্য অর্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ চেষ্টা কৰা হৈছে৷ পিএমএৱাইজিৰ অধীনত আৱাস নির্মাণৰ ক্ষেত্রতো ক্ষিপ্রতাৰে কাম সম্পূর্ণ কৰিবলৈ চেষ্টা অব্যাহত আছে৷ চতুর্দশ বিত্তীয় আয়োগৰ বাকী থকা ২৩৯৬.৯ কোটি টকা অহা তিনি মাহৰ ভিতৰত সম্পূর্ণ নির্দেশ দিয়া হৈছে৷ প্রধানমন্ত্রী গৰিব যোজনাৰ অধীনত ঘোষণা কৰা এহেজাৰ টকীয়া আর্থিক সাহায্যৰ প্রথম কিস্তিৰ ৫০০ টকা বৃদ্ধ, বিধৱা আৰু বিশেষভাৱে অক্ষম লোকৰ বাবে মুকলি কৰি দিয়া হৈছে৷’ একেদৰে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটসমূহৰ জৰিয়তে অসমী ব্রেণ্ডৰ মাস্ক বনোৱা, তেওঁলোকৰ উৎপাদন কৰা খাদ্য সামগ্রী জনসাধাৰণৰ পদূলিত যোগান ধৰাৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পদক্ষেপ লোৱাৰ কথা সদৰী কৰে মন্ত্রীগৰাকীয়ে৷ আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্রত অনিয়ম যাতে সংঘটিত নহয়, সেই ক্ষেত্রতো কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে৷

You might also like