বিধায়কে ৰিপ’ট কার্ডৰ ভিত্তিতহে নির্বাচনত পাব টিকট
নিয়মীয়া বাৰ্তা, ১৯ মে’: ক’ভিড–১৯এ সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতো দলীয় কাম–কাজক লৈ সক্রিয় হৈ পৰিছে ৰাজ্যিক বিজেপি৷ বিধানসভা নির্বাচনলৈ এটা বছৰ বাকী থকা অৱস্থাত দলৰ সাংগঠনিক দিশসমূহ শক্তিশালী কৰাৰ বাবে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই দিয়া নির্দেশৰ পিছত ৰাজ্যৰ শাসকীয় দলটোৱে নিজৰ দখলত থকা সমষ্টিসমূহত দলৰ বিধায়কে সঠিকভাৱে কাম কৰিবলৈ সক্ষম হৈছেনে নাই, বিধায়কজনক লৈ সমষ্টিৰ ৰাইজ কিমান সন্তুষ্ট, তাৰ এক প্রতিবেদন প্রস্তুত কৰাৰ বাবে সাজু হৈছে৷
মুখ্যতঃ বিধায়কৰ ওপৰত প্রস্তুত হ’ব লগা এই ৰিপ’ট কার্ডৰ ওপৰত ভিত্তি কৰিয়ে ২০২১ চনৰ বিধানসভা নির্বাচনত দলীয় প্রার্থিত্ব প্রদান কৰা হ’ব৷ সোমবাৰে এখন সংবাদ মেলযোগে এই কথা স্পষ্ট কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে৷
দিছপুৰৰ চৰকাৰী বাসভৱনত আয়োজিত সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীৰ স্পষ্ট মন্তব্য– ১২৬টা সমষ্টিতে আমি বিধায়কৰ ৰিপ’ট কার্ড প্রস্তুত কৰিম৷ এই ৰিপ’ট কার্ড পৰৱর্তী সময়ত ৰাষ্ট্রীয় সভাপতিলৈ প্রেৰণ কৰা হ’ব৷ সেইমর্মে ৰাষ্ট্রীয় নেতৃত্বই বিধানসভা নির্বাচনত প্রার্থিত্ব প্রদানৰ ক্ষেত্রত এই ৰিপ’ট কার্ডক গুৰুত্ব দিব৷ উল্লেখ্য যে কালি ৰাজ্যিক বিজেপিৰ চলিত বর্ষৰ প্রথমখন ক’ৰ কমিটীৰ বৈঠক অনুষ্ঠিত হৈ যায়৷ ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে হোৱা এই বৈঠকতে ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই বিধানসভা সমষ্টিসমূহত বিধায়ক তথা দলৰ কি কাম–কাজ চলি আছে, তাৰ এক প্রতিবেদন প্রস্তুত কৰিবলৈ ৰাজ্যিক নেতৃত্বক নির্দেশ দিছিল৷ ২০২১ চনৰ বিধানসভা নির্বাচনক লৈ ৰাজ্যিক বিজেপিৰ বিধায়কৰ পাৰদর্শিতা সন্দর্ভত বিস্তৃত ৰিপ’ট কার্ড প্রস্তুত কৰি কেন্দ্রলৈ প্রেৰণৰ পৰামর্শ দিছিল সভাপতি জে পি নাড্ডাই৷
ৰাষ্ট্রীয় সভাপতিৰ এনে নির্দেশৰ পিছত তৎপৰ হৈ পৰা ৰাজ্যিক বিজেপিয়ে ইয়াৰ বাবে আৰম্ভ কৰিছে যাৱতীয় প্রক্রিয়া৷ প্রদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে সোমবাৰে এই সন্দর্ভত কয়– দলৰ কার্যকর্তাসকলে ৰাজ্যৰ উন্নয়ন তথা জনসম্পর্ক ৰক্ষাত কিদৰে আগবাঢ়িছে, সেই সম্পর্কে ইয়াৰ পূর্বেও ১.৮৫ লাখ লোকৰ পৰা মতামত লোৱা হৈছিল৷ একেই ধৰণে এইবাৰ দলৰ বিধায়কসকলৰ লগতে বিজেপিৰ দখলত নথকা সমষ্টিসমূহ বিধায়কৰ পাৰদর্শিতাৰ বাবে সমষ্টিবাসীৰ মতামত লোৱা হ’ব৷ নিজ সমষ্টিৰ বিধায়কগৰাকীয়ে যোৱা সময়ছোৱাত উন্নয়নৰ কাম–কাজ কৰাত কিমান সফল হৈছে, সেই সন্দর্ভত ৰাইজক মতামত আগবঢ়োৱাৰ বাবে মুকলি কৰা হৈছে এটা ৱেবছাইট৷www.mlarportcard.in এই ৱেবছাইটৰ জৰিয়তে প্রতিজন লোকে নিজ বিধায়কজনৰ কাম–কাজ সন্দর্ভত মতামত দিব পাৰিব৷
এনেবোৰ মতামতৰ ওপৰত ভিত্তি কৰিয়ে প্রস্তুত কৰা হ’ব ৰিপ’ট কার্ড৷ এই ৱেবছাইটৰ জৰিয়তে ৰাইজৰ ওচৰত কেইটামান প্রশ্ন দাঙি ধৰা হ’ব৷ সেই প্রশ্ণৰ আধাৰতে ৰাইজে মতামত আগবঢ়াব৷ উদাহৰণস্বৰূপে আপোনাৰ বিধানসভা সমষ্টিৰ বিধায়কগৰাকীৰ কাম–কাজক লৈ সুখীনে? আপোনালোকে সন্মুখীন হৈ অহা অসুবিধাসমূহ বিধায়কগৰাকীক অৱগত কৰিলে সঁহাৰি কেনেকুৱা? সমষ্টিৰ ৰাস্তা–ঘাট, দলং আদি মেৰামতিৰ ক্ষেত্রত বিধায়কগৰাকীৰ সঁহাৰি কেনেকুৱা? চৰকাৰৰ দ্বাৰা প্রণয়ন কৰা যিকোনো আঁচনিৰ বিষয়ে বিধায়কে আপোনালোকক অৱগত কৰেনে?– এনেধৰণৰ প্রশ্ণৰে বিধায়কৰ কাম–কাজৰ বিস্তৃত তথ্য সংগ্রহ কৰা হ’ব৷ সভাপতি ৰঞ্জিত দাসে লগতে কয় যে এয়া এক নতুন প্রক্রিয়া৷ পূর্বে কোনো ৰাজনৈতিক দলে এনেদৰে বিধায়কৰ ৰিপ’ট কার্ড প্রস্তুত কৰা নাই অথবা বিধায়কৰ কাম–কাজৰ মূল্যায়ন কৰা নাই৷ এই ৱেবছাইটৰ উপৰি ৮০১১১–২৬০৪৩ নম্বৰত মিছকল দিলে কেইটামান লিংক পাব৷ এই লিংকৰ জৰিয়তেও ৰাইজে বিধায়কৰ কাম–কাজৰ ওপৰত মতামত দিব পাৰিব৷
ইফালে দেওবাৰে অনুষ্ঠিত হৈ যোৱা ক’ৰ কমিটীৰ বৈঠকত বিটিচি নির্বাচন আৰু গুৱাহাটী পৌৰ নিগমৰ নির্বাচন সম্পর্কেও আলোচনা কৰাৰ কথা সভাপতি দাসে জানিবলৈ দিয়ে৷ ইফালে, বিৰোধী কংগ্রেছ দলে প্রব্রজিত শ্রমিকক ওভতাই অনাৰ ক্ষেত্রত প্রকাশ কৰা বক্তব্যক লৈও ৰঞ্জিত দাসে প্রতিক্রিয়া প্রকাশ কৰে৷ তেওঁ কয়– চৰকাৰে এক সুন্দৰ ব্যৱস্থাৰে শ্রমিকসকলক ওভতাই অনাৰ ব্যৱস্থা কৰিছে৷ এইক্ষেত্রত কংগ্রেছ দলে যাতে এনে কোনো মন্তব্য নকৰে, যাৰ জৰিয়তে সমগ্র প্রক্রিয়াত খেলিমেলিৰ সৃষ্টি হয়৷