১৯ দিনৰ যন্ত্রণাকাতৰ যাত্রা; গুজৰাটৰ পৰা পদব্রজে নিজ গৃহত উপস্থিত চৰাইদেউৰ যুৱক
নিয়মীয়া বাৰ্তা, ১৯ মে’: লকডাউনৰ কবলত পৰি দেশৰ প্রান্তে প্রান্তে কর্মৰত হৈ থকা বহু প্রব্রজিত শ্রমিকৰ ক্ষেত্রত সংঘটিত কাহিনীৰ দৰেই অসমৰ এজন যুৱকৰ কৰুণ কাহিনী৷ অর্থনৈতিকভাৱে বিধ্বস্ত হোৱাৰ লগতে কর্মসংস্থাপনৰ নিশ্চিতি হেৰুৱাই সুদূৰ গুজৰাটৰ পৰা হাজাৰ হাজাৰ মাইল খোজকাঢ়ি আহি চৰাইদেউ জিলাৰ বৰহাটৰ নিজা ঘৰত উপস্থিত হ’লহি যুৱকজন৷
যুৱকজনৰ নাম কৰেণ বাগ৷ বৰহাট থানাৰ অন্তর্গত বৰহাট চাহ বাগিচাৰ মংলু লাইনৰ বাসিন্দা মংলু বাগৰ পুত্র কৰেণ বাগে জীৱিকাৰ তাড়নাত গুজৰাটৰ এটা টাইলছ বনোৱা কাৰখানাত শ্রমিক হিচাপে কাম কৰি আছিল৷
সকলো ঠিকে ঠাকেই আছিল, কিন্তু আন বহুতৰ ক্ষেত্রত সৃষ্টি কৰা বিভীষিকাৰ দৰে ক’ৰোনাই কৰেণৰ জীৱনতো যেন আউল লগাই দিলে৷ স্তব্ধ হৈ পৰিল জীৱিকাৰ পথ, ৰুদ্ধ জীৱনৰ গতিপথ৷ কেউফালে হাহাকাৰ দেখা কৰেণে অৱশেষত ল’লে এক কঠোৰ সিদ্ধান্ত৷ মৰমৰ ঘৰখনলৈ উভতি অহাৰ৷ আৰম্ভ কৰিলে যাত্রা৷
১৯ দিনৰ যাত্রাৰ অন্তত ১৭ মে’ত কৰেণ আহি উপস্থিত হয় বৰহাটৰ নিজা ঘৰত৷ অৱশ্যে ঘৰৰ লোকে প্রায় ২৮ বর্ষীয় যুৱকজনক লগে লগেই স্থানীয় চিকিৎসালয়লৈ পৰীক্ষাৰ বাবে লৈ আনে৷ পৰীক্ষাৰ অন্তত কৰেণক সোণাৰিলৈ কোৱাৰেণ্টাইন বাবে লৈ যোৱা হয়৷ বর্তমান কৰেণ চৰাইদেউৰ সোণাৰিত বিধি অনুযায়ী ১৪ দিনৰ কোৱাৰেণ্টাইনত আছে৷