দুঃসময়ৰ দামামাঃ অসমত একেদিনাই ৪২ পজিটিভ
নিয়মীয়া বাৰ্তা, ২০ মেঃ ৰাজ্যত ভয়ানক ৰূপ ধাৰণ কৰিছে ক’ভিড–১৯এ৷ মঙলবাৰৰ দিনটোতে ৰাজ্যখনত এটি দুমহীয়া শিশুসহ ৪২ জনকৈ লোক ক’ভিড–১৯ত আক্রান্ত হয়৷ এটা দিনতেই ইমান বৃহৎসংখ্যক লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাত স্বাভাৱিকতেই ৰাইজৰ মাজত তীব্র আতংক আৰু শংকাৰ সৃষ্টি হৈছে৷
মঙলবাৰে নতুনকৈ ক’ভিড–১৯ত আক্রান্ত হোৱাসকলৰ ভিতৰত ৭জন কামৰূপ জিলাৰ, ৩জন গুৱাহাটীৰ, ২জন কৰিমগঞ্জৰ, দুজন হোজাই জিলাৰ, দুজন বিশ্বনাথ জিলাৰ, দুজন নলবাৰী জিলাৰ, দুজন নগাঁও জিলাৰ, দুজন যোৰহাট জিলাৰ, দুজন গোলাঘাট জিলাৰ আৰু এজন কোকৰাঝাৰ জিলাৰ৷ সন্ধিয়া আৰু নিশাৰ ভাগত গুৱাহাটীৰ সৰুসজাইৰ কোৱাৰেণ্টাইন কেন্দ্রত থকা আন ১৭গৰাকী লোকৰ দেহতো ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা ১৫৭জনলৈ বৃদ্ধি পালে৷
অৱশ্যে গভীৰ উদ্বেগৰ মাজতো সুখৰ খবৰ এয়ে যে মঙলবাৰৰ দিনটোত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰা আটাইকেইজন লোকেই কোৱাৰেণ্টাইনত থকা অৱস্থাতে ৰোগ ধৰা পৰে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১৫৭গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ ইয়াৰে ৪১গৰাকীক ইতিমধ্যে সুস্থ হৈ উঠা বাবে চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়া হৈছে৷ ১১০জন লোক বর্তমান চিকিৎসাধীন অৱস্থাত আছে৷ ৪জনৰ এতিয়ালৈ মৃত্যু হৈছে আৰু অসমত ৰোগ ধৰা পৰা দুজন লোক ৰাজ্যৰ বাহিৰৰ হোৱা হেতু তেওঁলোক ইতিমধ্যে নিজ ৰাজ্যলৈ উভতি গৈছে৷
সেইদৰে মঙলবাৰে ৰোগ ধৰা পৰা লোকসকলৰ আটাইকেইগৰাকীৰে বহিঃৰাজ্য ভ্রমণৰ পৰিক্রমা আছে৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ চন্দন ডেকা (২৫), কামৰূপৰ বৰাংহাতীৰ প্রণৱ কলিতা (২৬), ৰঙিয়াৰ অজয় কলিতা (২৮), কামৰূপৰ নৱজিৎ কলিতা (২৫), কামৰূপৰ বৰাংহাতীৰ ধৰণী কলিতা (২৬), বিশ্বনাথ চাৰিআলিৰ গৌৰী নায়ক (১৯), ৰাখী বাছফৰ আৰু কামৰূপ বৰাংহাতীৰ উৎপল কলিতা (৩২)ৰ আটাইকেইজনৰেই হাৰিয়ানাৰ ভ্রমণ পৰিক্রমা আছে৷ সেইদৰে হোজাইৰ চইফ উদ্দিন আহমেদ (২৬) আৰু তেওঁৰ কণমানি দুমহীয়া শিশুপুত্র মহাম্মদ চৰতাজৰ মুম্বাইৰ ভ্রমণ পৰিক্রমা আছে৷ নগাঁৱৰ হিমাশ্রী বৰা (২১)ৰ ৰাজস্থান ভ্রমণ পৰিক্রমা আছে৷ কামৰূপৰ ছয়গাঁৱৰ আমিৰ হুছেইন (২০)ৰ কলকাতা ভ্রমণ পৰিক্রমা আছে৷ সেইদৰে যোৰহাট জিলাৰ চেউনী আলিৰ শালিনী মল (৪০) নামৰ মহিলাগৰাকীৰ দার্জিলিং ভ্রমণৰ পৰিক্রমা আৰু জিলাখনৰে ইকৰাণী বৰহোলাৰ থানেশ্বৰ বড়ো (৩০)ৰ চেন্নাই ভ্রমণৰ পৰিক্রমা আছে৷ আজিৰ দিনটোতেই ৰোগ ধৰা পৰা গোলাঘাটৰ দুজন লোক হৈছে– কলাখোৱাৰ বাবুল আলী (২০) আৰু মনোৱাৰ হুছেইন (২২)৷ আন এজন লোক হৈছে নগাঁৱৰ শংকিত ঘোষ৷ সন্ধিয়াৰ ভাগত ৰোগ ধৰা পৰা ৬জন লোকৰ ভিতৰত ৩জন হৈছে গুৱাহাটীৰ৷
সোমবাৰে ক’ভিড–১৯ৰ সংক্রমণ আৰু কর্কট ৰোগৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা গোপীন্দ্র মালাকাৰৰ পত্নী আৰু পুত্রৰ দেহতো পোৱা গৈছে ক’ৰোনা ভাইৰাছৰ উপস্থিতি৷ সেইদৰে ২জন হৈছে কৰিমগঞ্জ জিলাৰ আৰু এজন লোক সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্রত থকা৷ আজিৰ দিনটোত ক’ৰোনাৰ উপস্থিতি ধৰা পৰা লোকসকলৰ বহিঃৰাজ্য ভ্রমণৰ পৰিক্রমা থকালৈ চাই সেইসকল লোকৰ বাবেই যে ৰাজ্যখনত ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে, সেয়া পৰিস্ফুট হৈ পৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে অসমত এতিয়ালৈ ক’ভিড–১৯ৰ সংক্রমণ মূলতঃ বহিঃৰাজ্য ভ্রমণ পৰিক্রমাৰ পৰাই আহিছে৷ গুৱাহাটী মহানগৰীৰ মনীষ তিব্রেৱালকে ধৰি নির্দিষ্ট দুই–তিনিটা সংক্রমণক বাদ দি আটাইবোৰ সংক্রমণৰ ক্ষেত্রত বহিঃৰাজ্য ভ্রমণৰ পৰিক্রমা থকা৷ তবলিগী জামাতৰ পৰা ৩৫টা, আজমীৰ শ্বৰীফৰ পৰা ১০টা, চেন্নাইৰ পৰা ১১টা, ৰাজস্থানৰ পৰা ১১টা, হাৰিয়ানাৰ পৰা ৮টা, পশ্চিমবংগৰ পৰা ১০টা, মুম্বাইৰ পৰা ৮টাকৈ সংক্রমণৰ ঘটনা পোহৰলৈ আহিছে৷ আনহাতে ক’ভিড–১৯ত আক্রান্ত হোৱা লোকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পালেও ৰাইজ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে কোৱাৰেণ্টাইন সঠিকভাৱে কৰি থাকিলে ৰোগীৰ সংখ্যা বৃদ্ধি পালেও ভয় কৰিবলগীয়া একো নাই৷
কেৱল কোৱাৰেণ্টাইন সঠিক ৰূপত কৰিব লাগিব৷ হোম কোৱাৰেণ্টাইনো কঠোৰভাৱে পালন কৰিব লাগিব৷ এতিয়াৰে পৰা হোম কোৱাৰেণ্টাইন মানে কেৱল এজনৰেই কোৱাৰেণ্টাইন নহয়, পৰিয়ালটোৰ আটাইৰে কোৱাৰেণ্টাইন হ’ব লাগিব৷ তেতিয়াহে প্রকৃত সুফল লাভ কৰিব পৰা যাব৷ উল্লেখ্য যে লকডাউন কিছু শিথিল কৰি বহিঃৰাজ্যত আবদ্ধ হৈ থকা লোকসকলক নিজ গৃহলৈ উভতি অহাৰ বাবে চৰকাৰে অনুমতি দিয়াৰ পিছতেই যোৱা কেইটামান দিনৰ ভিতৰত বাছ, ৰে’ল, ব্যক্তিগত বাহন, আনকি চাইকেল, খোজকাঢ়ি বহু লোক ৰাজ্যখনত উপস্থিত হয়৷ এতিয়ালৈ তেনেদৰে ৰাজ্যখনলৈ প্রায় ৭০ হাজাৰ লোক উভতি আহিছে৷