নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে পাহৰিলে গাইড লাইনঃ বিপুল জনসমাগমত পদপিষ্ট সামাজিক ব্যৱধানৰ নীতি

নিয়মীয়া বাৰ্তা, ২০ মেঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ঘোষণা কৰা হৈছে চতুর্থ পর্যায়ৰ লকডাউন৷ অহা ৩১ মে’লৈ বৃদ্ধি কৰা এই লকডাউনৰ সময়ছোৱাত অর্থনৈতিক কাম–কাজ সমান্তৰালভাৱে আগবঢ়াই নিয়াৰ স্বার্থত কিছু নীতি–নিয়ম শিথিল কৰা হৈছে৷ কিন্তু এই শিথিলতাৰ সুযোগ লৈ একাংশই এতিয়া বজাৰে–সমাৰে ব্যাপক ভিৰ কৰা পৰিলক্ষিত হৈছে৷ নিয়মাৱলী শিথিল কৰিলেও সকলো ক্ষেত্রতে সামাজিক ব্যৱধানৰ নীতি মানি চলা, মাস্ক পৰিধান কৰাকে ধৰি কেতবোৰ নীতি–নিয়ম বাধ্যতামূলক কৰি দিছিল কেন্দ্রীয় চৰকাৰে৷ কিন্তু চতুর্থ পর্যায়ৰ লকডাউনৰ এদিনৰ পিছতেই ৰাইজে পাহৰি পেলালে এই কঠোৰ নীতি–নিয়ম৷ হাটে–বজাৰে, অফিচ–কাছাৰীত হোৱা অভাৱনীয় জনসমাগমত পদপিষ্ট হৈছে সামাজিক ব্যৱধানৰ নীতি৷

ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ৰাজধানী চহৰ গুৱাহাটীতো সুলভ হৈ পৰিছে এনে বহু দৃশ্য৷ প্রায়বোৰ অঞ্চলতে গোট খোৱা ৰাইজে কোনোধৰণৰ সামাজিক ব্যৱধান মানি চলা পৰিলক্ষিত হোৱা নাই৷ ক্রমাৎ ৰাজ্যতো দ্রুতগতিত ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ আজিৰ দিনটোতে সন্ধিয়ালৈ ৩৯জন নতুন ৰোগী চিনাক্ত হৈছে৷ এনে পৰিপ্রেক্ষিতত অচিৰেই ৰাজ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব বুলিও আশংকা কৰা হৈছে৷ যাৰ বাবে ৰাজ্য চৰকাৰ, স্বাস্থ্য বিভাগ, জিলা প্রশাসন সকলোৱে সামাজিক ব্যৱধানৰ নিয়ম পালন কৰি নিজৰ কর্তব্য সমাপন কৰিবলৈ আহ্বান জনাইছে৷ কিন্তু প্রশাসনৰ এনে আহ্বান কর্ণগোচৰেই হোৱা নাই একাংশ লোকৰ৷

দ্রুতগতিত ৰাজ্যত ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পোৱাৰ এখন বিপৰীত ছবিহে বজাৰে–সমাৰে ফুটি উঠিছে৷ দিনৰ ভাগত মহানগৰীলৈ ওলাই আহিলে এনেকুৱা লাগে যেন স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিছে৷ লক্ষণীয়ভাৱে বিভিন্ন স্থানত ক’ৰোনা ৰোগী চিনাক্ত হোৱাৰ পিছত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ এই জ’নসমূহৰ ক্ষেত্রত কঠোৰ নির্দেশনা বলৱৎ কৰা হৈছে, যাতে এই অঞ্চলসমূহৰ পৰা আন স্থানলৈ বিয়পিব নোৱাৰে ক’ৰোনা ভাইৰাছৰ সংক্রমণ৷ অতি আশ্চর্যকৰভাৱে গুৱাহাটীৰ কণ্টেইনমেণ্ট জ’নসমূহৰ সমীপতে ভিৰ কৰা দেখা গৈছে একাংশ দায়িত্বজ্ঞানহীন লোকক৷ বিশেষকৈ ফাঁচীবজাৰৰ এটা আলু গুদামত কর্মৰত মুংৰু সাহানী নামৰ এজন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পিছত জিলা প্রশাসনত হাহাকাৰ লাগিছিল৷ কিয়নো এই শ্রমিকজন বহু লোকৰ সংস্পর্শলৈ আহিছে৷ পৰৱর্তী সময়ত তেওঁৰ সংস্পর্শলৈ অহা ২০ জনৰো অধিক ব্যক্তি এই ৰোগত আক্রান্ত হোৱাৰ পিছত ৰাজ্যৰ ব্যৱসায়িক প্রাণকেন্দ্র ফাঁচীবজাৰ ক’ৰোনাৰ হটস্পট হিচাপে বিবেচিত হৈছে৷ পৰৱর্তী সময়ত ফাঁচীবজাৰৰ এম এছ ৰোডস্থিত ৰাজকমল হোটেলৰ চৌপাশৰ এটা নির্দিষ্ট এলেকা কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰি সকলোধৰণৰ কাম–কাজ নিষিদ্ধ কৰা হৈছে৷

কিন্তু এই কণ্টেইনমেণ্ট জ’নৰ সমীপতে বহু লোকে ভিৰ কৰা পৰিলক্ষিত হ’ল৷ কণ্টেইনমেণ্ট জ’নটোৰ পৰা মাত্র কেইমিটাৰ দূৰত দোকান–পোহাৰ খোলাৰ লগতে গ্রাহক আৰু অন্যান্য কামত যোৱা লোকেও ভিৰ কৰা দেখা যায়৷ যেন ফাঁচীবজাৰত কোনোধৰণৰ আতংকিত হ’ব লগা পৰিৱেশেই নাই৷ সমান্তৰালভাৱে মহানগৰীৰ প্রায়বোৰ স্থানতে একেধৰণৰ পৰিৱেশেই পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ বিভিন্ন অঞ্চলত বিশেষকৈ চহৰ অঞ্চলসমূহত বজাৰ–সমাৰত আজি ব্যাপক ভিৰ পৰিলক্ষিত হয়৷ কিছুসংখ্যক চহৰত ঈদৰ বজাৰ কৰিবলৈ একাংশ লোকে ভিৰ কৰে৷ ডবকা, হোজাই, ধুবুৰী আদিত ঈদৰ বজাৰ কৰিবলৈ অহা লোকৰ বাবে বজাৰত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতি৷ আন একাংশই আকৌ বিভিন্ন কামৰ বাবে বেংকৰ সমুখতো ভিৰ কৰা দেখা যায়৷ ফলত ৰাজ্যৰ পৰিস্থিতি অনিয়ন্ত্রিত অৱস্থালৈ গুচি যোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে যোৱা ২৪ মার্চত প্রথম পর্যায়ৰ লকডাউন ঘোষণা কৰা হৈছিল৷ সেই সময়ত কার্যালয়, দোকান–পোহাৰ, যান–বাহনৰ চলাচল আদি সম্পূর্ণৰূপে বন্ধ কৰা হৈছিল৷

সেই সময়ত লকডাউন অতি কঠোৰভাৱে বলৱৎ কৰিবলৈ আৰক্ষী আগবাঢ়ি অহা পৰিলক্ষিত হৈছিল৷ ৰাস্তালৈ ওলাই অহা প্রতিজন ব্যক্তিকে আৰক্ষীয়ে ক’ত যাব, কিহৰ কাৰণে ওলাই আহিছে আদি প্রশ্ণ কৰাও দেখা গৈছিল৷ আনকি প্রথম আৰু দ্বিতীয় পর্যায়ৰ কঠোৰ লকডাউনৰ সময়ত ওলাই অহা বহুসংখ্যক যান–বাহনো আৰক্ষী–প্রশাসনে জব্দ কৰিছিল৷ একেদৰে এই চালকসকলৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰো৷ কিন্তু লকডাউন শিথিল হৈ অহাৰ লগে লগে আৰক্ষীয়েও লকডাউনৰ নিয়মাৱলী কার্যকৰীকৰণৰ ক্ষেত্রত একপ্রকাৰ শিথিলতা প্রদান কৰা দেখা গৈছে৷ মহানগৰীৰ বিভিন্ন স্থানত বজাৰে–সমাৰে সামাজিক ব্যৱধান নৰখাকৈ ৰাইজ গোট খোৱা পৰিলক্ষিত হৈছে৷ কিন্তু তেওঁলোকক নিয়ন্ত্রণ কৰাৰ বাবে আৰক্ষী–প্রশাসনৰ লোক নিয়োজিত কৰা পৰিলক্ষিত হোৱা নাই৷ যাৰ সুযোগ লৈয়ে কোনো নীতি–নির্দেশনা নমনাকৈ ৰাস্তাই–ঘাটে, বজাৰে–সমাৰে ঘূৰি ফুৰিছে সাধাৰণ লোক৷ দোকান খোলাৰ অনুমতি দিলেও প্রশাসনে পদপথত বজাৰ বহা, মাছ–মাংসৰ দোকান খোলাৰ আদিৰ ক্ষেত্রত কিছুমান নির্দিষ্ট নিয়ম বান্ধি দিছে৷ কিন্তু প্রশাসনৰ নীতি–নিয়ম একপ্রকাৰ ফুটুকাৰ ফেন হৈছে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো লকডাউনৰ সময়ত নিয়মাৱলী কঠোৰভাৱে বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ এই ঘোষণাৰ বিপৰীতে আৰক্ষীৰ সন্মুখতেই একাংশই বিনাদ্বিধাই ভংগ কৰি গৈছে লকডাউনৰ নিয়মাৱলী৷

বিশেষকৈ মহানগৰীত অনুমতি প্রদান কৰা ৰিক্সাসমূহত দুজন আৰোহী উঠা পৰিলক্ষিত হৈছে৷ সমান্তৰালভাৱে চাৰিচকীয়া বাহনসমূহত চালকৰ উপৰি দুজন ব্যক্তিয়েহে উঠিব পাৰিব বুলি ঘোষণা কৰিছিল আৰক্ষীয়ে৷ কিন্তু এই নিয়ম যেন এতিয়া পালন কৰিবলৈ কোনো ব্যক্তি ইচ্ছুক নহয়৷ নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈও নাই আৰক্ষী–প্রশাসন৷ এনে পৰিস্থিতি অব্যাহত থাকিলে শীঘ্রে অসমতো এক ভয়ংকৰ পৰিৱেশে বিৰাজ কৰিব বুলি আশংকা প্রকাশ কৰিছে সচেতন মহলে৷

You might also like