ৰহা চাপৰমুখ চকীয়াল গাঁৱত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ নিছাজাতীয় ঔষধ ভৰ্তি অৰুণাচলৰ পঞ্জীয়ণভুক্ত বাহন
নিয়মীয়া বাৰ্তা ২১ মেঃ নগাঁও জিলা ৰহা আৰক্ষীথানাৰ অন্তৰ্গত চাপৰমুখ চকীয়াল গাঁৱত বুধবাৰে নিশা অৰুণাচলৰ পঞ্জীয়নভূক্ত এখন ট্ৰেভেৰা বাহন পৰিত্যক্ত অৱস্থাত উদ্ধাৰ কৰে। স্থানীয় ৰহা আৰক্ষীৰ এক সূত্ৰ পৰা জানিব পৰামতে নিশাৰ ভাগত এ আৰ ০১জি ২৮৩১ নম্বৰৰ এখন ট্ৰেভেৰা বাহন চাপৰমুখ চকীয়াল গাঁৱৰ ৰেল দলঙৰ সমীপত বহু সময় ৰৈ থকা দেখা পাই স্থানীয় ৰাইজে স্থানীয় চাপৰমুখ আৰক্ষী চকীত খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয়।গৰাকী বিহীন বাহনখন আৰক্ষী লোকে পৰীক্ষা কৰি বাহনখনৰ ভিতৰত কিছুমান কাৰ্টুন দেখা পাই আৰু উক্ত কাৰ্টন সমূহৰ ভিতৰত কফ চিৰাপৰ বটল দেখা পাই। চাপৰমুখ আৰক্ষীয়ে লগে লগে ৰহা আৰক্ষী থানাত খবৰ দিয়াত ৰহা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষণ কুমাৰ দাসে ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰে। আনহাতে স্থানীয় লোকে জানিব দিয়া মতে বাহনখন থকা তিনিজন লোকে বাহনখন উক্ত স্থানতে এৰি ৰেল পথেদি পলায়ন কৰে। ইতিমধ্যে ৰহা আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে পৰীক্ষা কৰি বাহনখনত “প্ৰস্ৰিমেড স্পাচ” নামৰ ৩০০ পাট্টা নিচাজাতীয় কেপচুল( মুঠ ৮×৩০০= ২৪০০ টা কেপচুল)ৰ লগতে “ফেনেৰেক্স” নামৰ ১২ কাৰ্টন কফ চিৰাপৰ (মুঠ১২×১২০ ১৪৪০ টা) বটল উদ্ধাৰ কৰে। আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত অনুসন্ধান অৱাহ্যত ৰাখিছে যদিও বৰ্তমানেও পলাতক অৱস্থাত আছে গাড়ীখনৰ চালক। কিন্তু দেশজুৰি লকডাউনৰ বাবে ৰাজ্যখন প্ৰায়বোৰ ঠাইতে আৰক্ষী বাহিনীয়ে চোকা নজৰ দি থকাৰ মাজতে বাহনখনে কেনেদৰে নিছাজাতীয় সামগ্ৰী কঢ়িয়াই আনিলে তাকে লৈ সৰব চৰ্চা চলিছে।