নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকাদাৰৰ হেমাহিৰ বাবে পৰিত্যক্ত হৈ পৰিছে কালাতলী-নতুন কাঠমী গড়কাপ্তানী পথ

নিৰ্মাণৰ ম্যাদ উকলি যোৱাৰ প্ৰায় এবছৰ পিছতো শেষ হোৱা নাই কাম

নিয়মীয়া বাৰ্তা, ২১ মেঃ চৰকাৰে গড়কাপ্তানী বিভাগৰ কামত কোটি কোটি টকা খৰচ কৰে যদিও এই কামত জড়িত একাংশ ঠিকাদাৰৰ দায়িত্বহীনতাৰ বাবে জনসাধাৰণে বছৰৰ পিছত বছৰ ধৰি যমৰ যাতনা ভূগি থাকিব লগীয়া হয় ।
উল্লেখ্য যে, দক্ষিণ কামৰূপৰ কালাতলী বজাৰৰ পৰা নতুন কাঠমীলৈ যোৱা প্ৰায় আঢ়ৈ কিলোমিটাৰ দৈঘ্যৰ ৰাস্তাৰ কাম লাভ কৰে ঠিকাদাৰ তাপস কুমাৰ ৰায় চৌধুৰীয়ে৷ ৰাস্তাৰ নিৰ্মাণৰ কাম ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিলে ঠিকেই ৷ কিন্তু ঠিকাদাৰৰ কামৰ প্ৰতি থকা অনিহা আৰু দায়িত্ব হীনতাৰ বাবে কাম সম্পূৰ্ণ হোৱা দিন য়োৱা ২৪ ফেব্ৰুৱাৰীত ম্যাদ উকলি গৈছে যদিও বৰ্তমানলৈ প্ৰথম পৰ্যায়ৰ কাম শেষ কৰিব পৰা নাই ৷ ৰাজ্যত ল’কডাউন চলি থকাৰ অজুহাতত ঠিকাদাৰে কাম বন্ধ কৰা বুলি উল্লেখ কৰিলেও ৰাইজে লকডাউনৰ পূৰ্বৰ পৰাই কাম বন্ধ কৰি ৰখাৰ অভিযোগ উত্থাপণ কৰিছে ৷ৰাজহুৱা স্বাৰ্থক গুৰুত্ব দি এই পথৰ কাম অনতি পলমে সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছে । গড়কাপ্তানী বিভাগে এই দায়িত্বহীন ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে সেয়া সময়তহে হ’ব লক্ষণীয় ।

You might also like