নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱাত হাৰি ৯ লাখ টকীয়া গাড়ী ২ লাখত বিক্রী কৰিছিল সঞ্জয়েঃ মাতৃ পদ্মা দাস

‘সি জীয়াই থাকক পৰিয়ালৰ স’তে সুখেৰে থাকক বুলি ভাবিয়েই তাক ককায়েক, বায়েক, ভনীয়েক সকলোৱে সহায় কৰিছিল৷ টকা–পইচাই হওক বা আন কিবা, মুঠতে তাক সুখত ৰখাই কাম আছিল৷ কিন্তু আজি সি এনে কাণ্ড কৰিলে’– আৱেগিক হৈ চকুলো সেমেকি উঠিল মাতৃ পদ্মা দাসৰ৷

উল্লেখ্য যে পত্নী স্বপ্না দাস, পুত্র নৱজ্যোতি দাস আৰু মোমায়েক ঘনকান্ত হাজৰিকাক ১৮ মে’ৰ পুৱাতে নিজ গৃহত গুলীয়াই হত্যা কৰি হাতত উদ্যত পিষ্টল লৈ পলায়ন কৰিছিল হত্যাকাৰী সঞ্জয় দাস নামৰ প্রাক্তন এছএছবিৰ জোৱানজনে৷ পৰৱর্তী সময়ত ১৯ মে’ৰ পুৱতিনিশা প্রায় ৩.৩০ বজাত হত্যাকাৰীৰ নিজ গৃহ শুকানপুখুৰীত আত্মগোপন কৰি থকা অৱস্থাত, আত্মসমর্পণৰ সুযোগ দিয়াৰ পিছতো, সদিচ্ছা প্রকাশ নকৰাত আৰক্ষীয়ে গুলীয়াই নিহত কৰে৷

বুধবাৰে হত্যাকাৰী সঞ্জয় দাসৰ লগতে পত্নী আৰু পুত্রৰ তিলানি আয়োজন কৰা হৈছে তেওঁলোকৰ শুকানপুখুৰীৰ স্বগৃহত৷ এক শোকাচ্ছন্ন পৰিৱেশত পৰিয়ালৰ লোকসকলে ৰীতি–নীতি অনুসৰি মাংগলিক অনুষ্ঠানত অংশগ্রহণ কৰিছে৷নিজ কনিষ্ঠ সন্তান সঞ্জয়ৰ লগতে বোৱাৰী–নাতি হেৰুৱাই যেন বাক্ৰুদ্ধ হৈ পৰিছে মাতৃ পদ্মা দাস৷ বুধবাৰে পৰা প্রায় ৮ মাহ পূর্বে পদ্মা দাসে গিৰীয়েক ৰাধাগোবিন্দ দাসক হেৰুৱাইছে৷ এনে পৰিপ্রেক্ষিতত বুকুৰ জুই নুমুৱাবলৈ নৌপাওঁতেই, পুত্র–বোৱাৰী–নাতিৰ শোকত দগ্ধ হৈ পৰিছে৷

   ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সমগ্র ঘটনা সন্দর্ভত মাতৃ পদ্মা দাসে কয় যে সি (নিহত হত্যাকাৰী সঞ্জয় দাস) সৰুৰে পৰা কম কথা কয়৷ কাৰোৰে লগত হাই–কাজিয়া নকৰে৷ নিজৰ লগতে বা পৰিয়ালক লৈয়ে ব্যস্ত থাকে৷ নিজৰ ইচ্ছা মতেই ভাল পাই বিয়া কৰাইছিল৷ আমি অলপো, কোনো কামতেই বাধা দিয়া নাছিলোঁ৷ কিন্তু সি চাকৰিৰ পৰা অৱসৰ লৈ আহি জুৱাত ভৰি দিলে৷ প্রায়ে টকা লাগে৷পৰিয়ালৰ যিয়ে যেনেকৈ পাৰে, তাক সহায় কৰিছিল৷যাতে সি বিচৰা ধৰণেই জীয়াই থাকক৷ মানুহটো থাকক বুলি কৈ বৃদ্ধা মাতৃগৰাকীয়ে অলপ সময় তভক মাৰিলে৷পুনৰ ক’লে– সেইদিনা সি মোক ক’লে যে তাৰ ৮ লাখ টকীয়া নতুন গাডীখন মাত্র ২ লাখত বিক্রী কৰি দিলে৷টকা লাগিছিল বাবেই এনে কৰিলে বুলি সি কৈছিল৷চাকৰি এৰি ঘৰলৈ অহাৰ পিছত প্রায়ে মদ খাবলৈ আৰু জুৱা খেলিবলৈ ল’লে৷ হয়তো সেইবোৰেই পিছলৈ তাৰ বাবে কাল হ’ল বুলি এটা দীঘল হুমুনিয়াহ কাঢ়ি চলচলীয়া হৈ পৰিল বৃদ্ধা মাতৃগৰাকীৰ চকু৷ মাতৃগৰাকীয়ে শীঘ্রেই এই জুৱা খেল বন্ধ কৰিবলৈ প্রশাসনক দাবী জনায়৷ আজি ঘৰখনত যেন এক মৰিশালিৰ নিস্তব্ধতা৷ সীমিতসংখ্যক বৈষ্ণৱ ভকতেৰে পালন কৰা হৈছে মাংগলিক কার্য৷ ইমান সহজ–সৰল, সকলোৱে নিজ নিজ কর্মত ব্যস্ত থকাৰ পিছতো হঠাৎ কিয় হিংস্র হৈ পৰিল সকলোৰে অতি মৰমৰ সঞ্জয়? কেৱল টকা বা জুৱাত অলেখ টকা হৰাৰ বাবেই এনে নীচ তথা চূডান্ত পন্থা ল’বলৈ বাধ্য হ’লনে? গাঁৱৰে ছোৱালীক, ভাল পাই বিয়া কৰোৱা সাদৰী পত্নী স্বপ্ণা আৰু একমাত্র সুঠাম চেহেৰাৰ পুত্র নৱজ্যোতিৰ প্রতি সঞ্জয় দাস ইমান নির্দয় হ’ল কেনেকৈ? নে আন কাৰোবাৰ প্রৰোচনাত পৰিহে এনে ঘৃণনীয় হত্যাকাণ্ড কৰিলে? এই সকলো প্রশ্ণৰ উত্তৰ বিচাৰি আমি কথা পাতিছিলোঁ সঞ্জয়ৰ জ্যেষ্ঠ ককায়েক তথা চি ডব্লিউ চিৰ কর্মচাৰী উজ্জ্বল দাসৰ সৈতে৷ ককায়েক উজ্জ্বল দাসে আমাক সদৰী কৰি কয়– সঞ্জয়ে সৰুৰে পৰা নিজৰ মতে চলে৷ আমিও তাক একো নকওঁ৷ ডিব্রুগডৰ জর্জ হাইস্কুলৰ পৰা মেড্রিক পৰীক্ষাত উত্তীর্ণ হৈয়ে এছএছবিত যোৱা ১৯৯১/৯২ মানত চাকৰিত সোমায়৷ তাৰ তিনি বছৰ মানৰ পিছত ভাল পাই থকা গাঁৱৰে ছোৱালীক পলুৱাই লৈ যায় যদিও পিছলৈ ঘৰত আহে৷ চাকৰিৰ সংক্রান্তত দেশৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিছিল৷ ল’ৰাটোকো দিল্লীত পঢ়ুৱাইছিল৷ পিছত স্বইচ্ছাই অৱসৰ লোৱাৰ বাবে সাত বছৰমানৰ পূর্বে ঘৰলৈ ঘূৰি আহিছিল৷ মাজে মাজে য’ত–ত’ত দুই–এটা ছিকিউৰিটীৰ চাকৰি কৰিছিল যদিও ভাল নোপোৱাত চাকৰি এৰি দি ঘৰতে থাকিবলৈ লয়৷পেন্সনৰ টকা নিয়মীয়াকৈ পাই আছিল আৰু আমি দুটা ককায়েক, দুজনী বায়েক আৰু এজনী ভনীয়েকে তাক যেতিয়াই প্রয়োজন হয় টকা–পইচাৰে সহায় কৰিছিলোঁ৷ক’বলৈ গ’লে সি আমাতকৈও ৰজাৰ দৰে জীয়াই আছিল৷ কিন্তু যেতিয়াৰে পৰা ডাবল গুটি নামৰ জুৱা খেলত নামি পৰে, তেতিয়াৰে পৰা সি বেয়া হ’বলৈ ধৰিলে৷ বহু টকা সি জুৱাত পানীৰ দৰে ঢ়ালিলে৷ সেয়ে পিছত তাৰ মগজে লাহে লাহে কাম নকৰা হ’ল বুলি ককায়েক উজ্জ্বলে আজি অকপটে ‘নিয়মীয়া বার্তা’ৰ আগত সদৰী কৰে৷ হয়তো টকা নোপোৱাৰ বাবে তেওঁকো লক্ষ্য কৰি লোৱাৰ লগতে মোমায়েকক হত্যা কৰে বুলিও উজ্জ্বল দাসে উল্লেখ কৰি কয় যে সঞ্জয়ৰ আদ্যশ্রাদ্ধ পত্নী আৰু পুত্রৰ স’তে কৰা নহ’ব৷ কিছুদিনৰ ব্যৱধানত সুকীয়াকৈ কৰা হ’ব৷

  তেওঁ পুনৰ কয় যে সমগ্র অঞ্চলটোত দীর্ঘদিন ধৰি জুৱা আৰু অবৈধ সুৰাৰ ব্যৱসায়ে বহু লোকৰ জীৱনলৈ কাল অমানিশা নমাই আনিছে৷ এই জুৱা খেল শীঘ্রে বন্ধ নকৰিলে আৰু বহু লোকৰ জীৱন–সম্পত্তি নিঃশেষ হ’ব বুলি সজোৰে উল্লেখ কৰে৷ ইফালে আমাৰ হাতত পৰা অভিযোগ মতে ঘটনাৰ দিনা সঞ্জয়ে পত্নীক ৫০০ টকা বিচাৰিছিল, সেই মতে ককায়েক উজ্জ্বলৰ পৰাও টকা বিচাৰিছিল৷ কিন্তু টকা নোপোৱাৰ বাবেই পত্নীক হত্যা কৰাৰ লগতে ককায়েককো হত্যা কৰিবলৈ গৈছিল যদিও ককায়েক কার্যালয়লৈ ওলাই গৈছিল৷ এনে ক্ষেত্রত একমাত্র সুঠাম পুত্র নৱজ্যোতিয়ে কি অপৰাধ বা পিতৃৰ বিপৰীত মেৰুত অৱস্থান কৰিছিল? যাৰ বাবে শোৱাপাটীতে নিজ পুত্রক হত্যাৰ লক্ষ্য কৰি ল’ব লগা হ’ল? সেয়া এতিয়াও ৰহস্যাবৃত৷

You might also like