নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্থগিত হ’ব টি–২০ বিশ্বকাপ অহা সপ্তাহত আনুষ্ঠানিক ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ মেঃ চলিত বর্ষৰ অক্টোবৰ–নৱেম্বৰত অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া আই চি চি টি–২০ বিশ্বকাপ অহা বর্ষলৈ স্থগিত ৰখা হ’ব৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ এক সূত্রই  জানিবলৈ দিয়া অনুসৰি অহা সপ্তাহত ক্রিকেট অষ্ট্রেলিয়াই টি–২০ বিশ্বকাপ স্থগিত ৰখা বুলি আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে৷

মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে আই চি চিৰ মেগা ইভেণ্টখনক লৈ ইতিমধ্যে অনিশ্চয়তাৰ সৃষ্টি হৈছিল যদিও ক্রিকেট অষ্ট্রেলিয়াই কিছুদিন আগলৈ প্রতিযোগিতাখন নির্ধাৰিত সূচী অনুসৰি সফলতাৰে আয়োজন কৰিব বুলি আত্মবিশ্বাসী হৈ আছিল৷ কিন্তু মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা বিশ্ববাসী এতিয়াও মুক্ত হ’ব নোৱাৰাত ক্রিকেট অষ্ট্রেলিয়াই স্থিতি সলনি কৰিবলৈ বাধ্য হৈছে৷

ইফালে, ক্রিকেট অষ্ট্রেলিয়াই ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডক ঐশ্বর্যশালী টি–২০ লীগ আই পি এল আয়োজনৰ বাট মোকোলাই দিবলৈ টি–২০ বিশ্বকাপ পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি ক্রিকেট মহলত চর্চা অব্যাহত আছে৷ অষ্ট্রেলিয়াৰ প্রাক্তন অধিনায়ক এলান ব’ডাৰে  ক্রিকেট অষ্ট্রেলিয়াৰ এই দুর্বল স্থিতিক কঠোৰ সমালোচনা কৰে৷ তেওঁ কয় যে দর্শকশূন্য ষ্টেডিয়ামত নির্দিষ্ট নিয়মাৱলী পালন কৰি টি–২০ বিশ্বকাপ আয়োজনৰ বিষয়ে ক্রিকেট অষ্ট্রেলিয়াই চিন্তা–চর্চা কৰা উচিত আছিল৷ কিন্তু আই পি এলৰ দৰে ব্যৱসায়ীক লীগৰ বাবে বিশ্বকাপৰ দৰে মর্যাদাপূর্ণ প্রতিযোগিতাখন পিছুৱাই দিয়াটো গ্রহণযোগ্য নহয় বুলি ব’ডাৰে উল্লেখ কৰে৷

মন কৰিবলগীয়া যে বিশ্বকাপ স্থগিত হ’লে আই পি এল অনুষ্ঠিত হোৱাটো নিশ্চিত বুলি বি চি চি আয়ে ইতিমধ্যে ঘোষণা কৰিছে৷

You might also like