ৰাজ্যিক কর্মচাৰীলৈ নির্দেশাৱলী: পাঁচ বছৰৰ তলৰ সন্তান থকা মাতৃ–গর্ভৱতী যাব নালাগে কার্যালয়লৈ
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ স্বার্থত দেশত এতিয়াও চলি আছে চতুর্থ পর্যায়ৰ লকডাউন৷ ৩১ মে’লৈকে এই চতুর্থ পর্যায়ৰ লকডাউন চলিব৷ এই সময়ছোৱাত ৫ বছৰৰ তলৰ সন্তান থকা মহিলা কর্মচাৰী, গর্ভৱতী মহিলা কর্মচাৰীক কার্যালয়লৈ অহাৰ পৰা ৰেহাই দিছে ৰাজ্য চৰকাৰে৷ সেইদৰে যিসকল বিষয়া–কর্মচাৰী কার্যালয়ত যিটো দিনত উপস্থিত হোৱাৰ প্রয়োজনীয়তা নাই, সেই দিনটোত তেওঁলোকক কার্যালয়ৰ পৰিৱর্তে ঘৰৰ পৰাই টেলিফোন বা অন্য ইলেকট্র’নিক মাধ্যমেৰে ঘৰত বহিয়েই কার্য সম্পাদন কৰাৰ নির্দেশ দিছে৷ অত্যাৱশ্যকীয় সেৱা, জৰুৰী সেৱা, ক’ভিড–১৯ৰ সৈতে জড়িত কর্মচাৰীৰ ক্ষেত্রত অৱশ্যে এই ৰেহাই প্রযোজ্য নহয়৷
সচিবালয় প্রশাসন বিভাগৰ আয়ুক্ত–সচিব ড০ এম অংগমুথুৱে শুকুৰবাৰে এক নির্দেশযোগে এই কথা প্রকাশ কৰিছে৷ ৰাজ্যৰ মুখ্য সচিবৰ অনুমোদনমর্মে আয়ুক্ত–সচিব ড০ অংগমুথুৱে এই নির্দেশনা জাৰি কৰে৷ অৱশ্যে এই সময়ছোৱাত উপ–সচিব পর্যায়ৰ পৰা ওপৰৰ সকলো বিষয়া প্রতিটো কর্মদিনত কার্যালয়ত উপস্থিত থাকিব লাগিব৷
নির্দেশটোত উল্লেখ কৰা অনুসৰি ৫ বছৰ বয়সৰ তলৰ সন্তান থকা মহিলা কর্মচাৰীয়ে লকডাউন চলি থকা অৱস্থাত অর্থাৎ ৩১ মে’লৈ কর্মথলীত উপস্থিত হোৱাৰ প্রয়োজন নাই৷ গর্ভৱতী মহিলা কর্মচাৰীসকলেও ঘৰত থাকিয়েই কার্য সম্পাদন কৰিব৷ সেইদৰে যিসকল বিষয়া আৰু কর্মচাৰী যিটো দিনত কার্যালয়ত উপস্থিত থকাৰ প্রয়োজন নাই, তেওঁলোকে ঘৰত থাকিয়েই টেলিফোন বা অন্য ইলেকট্র’নিক মাধ্যমেৰে সকলো সময়তে যোগাযোগ ৰক্ষা কৰি কাম সম্পাদন কৰিব৷ এই সময়ছোৱাত প্রতিটো প্রশাসনীয় বিভাগৰ এজন জ্যেষ্ঠ সচিবে কার্যালয়ত সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখা আৰু ছেনিটাইজেচনৰ দিশসমূহ নিৰীক্ষণ কৰিব৷