হোম কোৱাৰেণ্টাইনত থকাসকলৰ ওপৰত প্রতিৱেশীয়ে ৰাখিব লাগিব ৰঙাচকু
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ‘হোম কোৱাৰেণ্টাইনত থকা লোকসকলক প্রতিৱেশীয়ে হীন চকুৰে চাব নালাগে৷ কিন্তু অলপ ৰঙাচকু ৰাখিব লাগে৷ নহ’লে তেওঁলোকে কোৱাৰেণ্টাইন নামানিব৷ এই কোৱাৰেণ্টাইন আপোচবিহীন কোৱাৰেণ্টাইন হ’ব লাগিব৷ ৰাইজ সজাগ আৰু সতর্ক হৈ থাকিব লাগিব, যাতে কোনেও হোম কোৱাৰেণ্টাইন ভংগ কৰি বাহিৰলৈ ওলাই আহিব নোৱাৰে৷’-নগাঁৱত এখন সংবাদ মেলত এই মন্তব্য কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
কোৱাৰেণ্টাইন অমান্য কৰোঁতাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু হ’ব বুলি সকীয়নি দি ড০ শর্মাই আৰু কয়, ‘হোম কোৱাৰেণ্টাইনত থকা সময়ছোৱাত গোটেই ঘৰখনেই হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷ ঘৰৰ কোনো সদস্য ঘৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰিব৷ সেই সময়ত তেওঁলোকৰ ভৰণ–পোষণৰ বাবে আমি তেওঁলোকক দুহেজাৰ টকাৰ খাদ্যবস্তু যোগান ধৰিম৷ হোম কোৱাৰেণ্টাইন যাতে ভালদৰে হয়, তাৰ বাবে আমি গাঁও পঞ্চায়ত পর্যায়ত কমিটী গঠন কৰিছোঁ৷ সেই কমিটীখনেই হোম কোৱাৰেণ্টাইন চোৱা–চিতা কৰিব৷ কোনোবাই যদি ইনষ্টিটিউচন আৰু হোম কোৱাৰেণ্টাইন নামানি সমাজত ৰোগটো সংক্রমণ কৰাৰ চেষ্টা কৰে, তেওঁলোকৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ফৌজদাৰী গোচৰ তৰা হ’ব৷ সংবাদ মেলত ড০ শর্মাই আৰু কয়, ‘নগাঁৱত ইমানদিনে ৰে’লেৰে অহা লোকসকলৰ কোৱাৰেণ্টাইনৰ কাম নগাঁও জিলা প্রশাসনে কৰি আহিছিল৷ স্থলপথেদি যিসকল লোক বহিঃৰাজ্যৰ পৰা আহিছিল তেওঁলোকৰ কোৱাৰেণ্টাইনৰ কাম গুৱাহাটীত চলি আছিল৷ কিন্তু ২৫ মে’ৰ পৰা যিহেতু বিমান যাত্রা আৰম্ভ হ’ব গুৱাহাটীত কোৱাৰেণ্টাইনৰ সংখ্যা বাঢ়ি যাব৷ সেইবাবে স্থলপথেৰে অহা ব্যক্তিসকলৰো কোৱাৰেণ্টাইন নগাঁৱৰ বাসিন্দাসকলৰ বাবে নগাঁৱতে আৰম্ভ হ’ব৷
ঠিক একেদৰে গোলাঘাট, কার্বি আংলং, কামৰূপ আৰু ডিমা হাছাও জিলাৰো কোৱাৰেণ্টাইন স্থলপথেদি অহা লোকসকলৰ বাবে নিজ নিজ জিলাতে আৰম্ভ হ’ব৷ তাৰ কাৰণে যিহেতু নগাঁও জিলা প্রশাসনে ডেৰশ–দুশ মানুহ দৈনিক ভিত্তিত বেছিকৈ পাব তেওঁলোকক কেনেকৈ, ক’ত ৰখা হ’ব, কেনেকৈ ছোৱাব সংগ্রহ কৰা হ’ব, সেই বিষয়ে আলোচনা কৰিবলৈ আজি মই নগাঁৱলৈ আহিছোঁ৷’ নগাঁও জিলাত ক’ভিড আক্রান্তৰ সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ শর্মাই আৰু কয়, ‘আমাৰ হাতত পৰা তথ্য অনুসৰি নগাঁও জিলাত ৭২৯গৰাকী লোকৰ নমূনা সংগ্রহ কৰা হৈছিল৷ ৫২৯টা নমুনাৰ পৰীক্ষা সম্পন্ন হৈ গৈছে৷ তিনিটা পজিটিভ পোৱা গৈছে৷ ৫২৬ নমুনাৰ প্রতিবেদন নিগেটিভ আহিছে৷ এশটা ছেম্পলৰ ৰিজাল্ট আজি গধূলিলৈ আৰু আন এশটা ছেম্পলৰ ৰিজাল্ট কাইলৈ আহিব৷ তাৰ মানে প্রথম অৱস্থাত অহা ৭২৯গৰাকী লোক কাইলৈৰ পিছত হোম কোৱাৰেণ্টাইনলৈ যাব পাৰিব৷ সাত দিন ফেচিলিটী কোৱাৰেণ্টাইন আৰু সাত দিন হোম কোৱাৰেণ্টাইন৷’ নগাঁৱৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়ন কৰা হ’ব বুলি মন্তব্য কৰি ড০ শর্মাই কয়, ‘ নগাঁও চিভিল হাস্পতালত এটা আই চি ইউৰ ব্যৱস্থা আৰম্ভ কৰিলোঁ৷নগাঁৱত এতিয়াৰে পৰা ২০খন বিছনাৰে সমৃদ্ধ আই চি ইউ এটাৰ কাম আৰম্ভ হ’ব৷ এই মাহৰ শেষৰ ফালে ১০টা ভেণ্টিলেচন আহি পাব৷ লগতে আন অক্সিজেন দিব পৰা দহখন বিছনাও থাকিব৷’ আগন্তুক ২০২১ বর্ষৰ আগষ্ট মাহৰ ভিতৰতে নগাঁও মেডিকেল কলেজ আৰম্ভ হ’ব বুলি সদৰী কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়, ‘অহা বছৰত নগাঁও মেডিকেল কলেজৰ কাম আমি যেনে–তেনে হ’লেও আৰম্ভ কৰিম৷মোৰ টার্গেট হৈছে অহা বছৰ আগষ্ট মাহ৷ ইতিমধ্যে মেডিকেল কলেজখনৰ কাম দ্রুতগতিত চলি আছে৷ আগষ্ট মাহৰ আগতেই নির্মাণ কার্য সম্পন্ন হ’ব৷ অহা বছৰ আগষ্ট মাহৰ ভিতৰত নগাঁও মেডিকেল কলেজখন আৰম্ভ কৰিব লাগিব৷’ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰিষ্কাৰ–পৰিচ্ছন্ন সন্দর্ভত উত্থাপিত অভিযোগৰ বিষয়ে সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত ড০ শর্মাই কয়, ‘কোৱাৰেণ্টাইন কক্ষত থকা সকলোৱে নিজৰ কোঠাটো, নিজৰ বিছনাখনৰ আশে–পাশে নিজেই পৰিষ্কাৰ কৰিব লাগিব৷ নহ’লে পৰিষ্কাৰ কোনে কৰিব৷ কোন যাব পৰিষ্কাৰ কৰিবলৈ৷ কোন গৈ লগত ক’ভিড পজিটিভটো লৈ আহিব৷ তাত থকা ঝাড়ুডাল লৈ নিজেই পৰিষ্কাৰ কৰিব লাগিব৷ তাত থকা লোকসকলে ভাবিব নালাগে যে তেওঁলোকক আমি বিয়া খাবলৈ মাতি আনিছোঁ৷ সেইটো নচলিব৷ তেওঁলোকে লগত লৈ অহা বেমাৰৰ বীজাণুটো আনক জাপি দিম বুলি ভাবিব নালাগে৷’
ইপিনে, স্বাস্থ্যমন্ত্রী ড০ শর্মাই আজি দুপৰীয়া নগাঁও চহৰত উপস্থিত হৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত দহখন বিছনাযুক্ত এটা আই চি ইউ কক্ষ মুকলি কৰে৷ তাৰ পিছত তেওঁ নগাঁও আইন মহাবিদ্যালয়ৰ সমীপত কলং নৈৰ ওপৰত নির্মিত পকী দলংখনো উদ্বোধন কৰে৷ এই দলংখন নির্মাণত এক কোটি এক লাখ ৮১ হাজাৰ টকা ব্যয় হৈছে৷ দলংখনৰ দৈর্ঘ্য ৫৮.১২ মিটাৰ৷ইয়াৰ পিছতেই তেওঁ নগাঁও আৱর্ত ভৱনৰ সভাকক্ষত নগাঁও জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়৷ পিছত তেওঁ চহৰখনৰ নেহৰুবালিৰ অস্থায়ী স্ক্রীনিং চেণ্টাৰটোও পৰিদর্শন কৰে৷ আটাইকেইটা কার্যসূচীতে মন্ত্রীগৰাকীক সংগ দিয়ে জলসম্পদমন্ত্রী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, বিধায়কত্রয় ৰূপক শর্মা, ডিম্বেশ্বৰ দাস, আঙুৰলতা ডেকা আৰু নগাঁৱৰ উপায়ুক্ত যাদৱ শইকীয়াই৷